কোকৰাঝাৰঃ নিদ্ৰাহীনতাৰ চিকাৰ হৈছে হাগ্ৰামা মহিলাৰী। ৰাতি ৰাতি এতিয়া টোপনি নাহে বি পি এফ মূৰব্বীজনৰ। মাজ মাজে চিলমিলিয়া টোপনি আহিলেও ভয়লগা সপোনৰ বাবে আধাতে সাৰ পাই উঠে বন্দুক দলিয়াই ৰাজনীতিলৈ অহা হাগ্ৰামাই। শনিবাৰে এখন সভাত বিটিচি প্ৰধানজনে নিজ মুখে সদৰী এনে দুৰ্দশাৰ কথা।

এই কথা শুনি অনুৰাগীসকলৰো বৃদ্ধি পায় দুশ্চিন্তা। কি হ'ল তেওঁলোকৰ প্ৰিয় নেতাজনৰ? প্ৰতাপী নেতাজনৰ নিদ্ৰাহীনতাৰ কাৰণেই বা কি? কি হৈছে হাগ্ৰামাৰ? কি দুশ্চিন্তাই খুলি খুলি খাইছে তেওঁক? 

অৱশ্যে ইয়াৰ বাবে বেছি সময় অপেক্ষা কৰিবলগীয়া নহ'ল অনুৰাগীসকলে। কিছু সময় পিছতে তেওঁ নিদ্ৰাহীনতাৰ কাৰণ ঘোষণা কৰে। 

উল্লেখ্য যে, শুকুৰবাৰে বডোলেণ্ড অতিথিশালাত অনুষ্ঠিত এক বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিটিএডি এলেকাত বিজেপি দলক শক্তিশালী নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ বিজয়ী হোৱাটো অসম্ভৱ বুলি মন্তব্য কৰিছিল। বিজেপি সভাপতিজনৰ এনে মন্তব্যৰ বাবে হঠাত ৰাতি টোপনি নোহোৱা হৈ পৰিছে একপ্ৰকাৰ ভেঙুচালিসূচক মন্তব্য কৰে হাগ্ৰামাই।

ভূটানৰ চানদ্ৰুপঝংখাৰত বিপিএফৰ কাৰ্যনিৰ্বাহক সভাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ প্ৰতি কটাক্ষ কৰি কয় যে পূৰ্বতে তেওঁৰ দায়িত্ব বিপিএফ দলক শক্তিশালী কৰাৰহে আছিল যদিও এতিয়া তেওঁৰ দায়িত্ব বাঢ়িছে।কিয়নো বিটিএডিত বিপিএফৰ লগতে তেওঁ এইবাৰ বিজেপিকো শক্তিশালী কৰিব লাগিব।

বিজেপি দলক শক্তিশালী নকৰিলে  বিপিএফ দলৰে বিপদ হ'ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য প্ৰকৃততে আওপকীয়াকৈ দিয়া এক ভাবুকিসূচক মন্তব্য হে বুলি মত প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলক দূৰ্বল কৰি ৰাখিলেহে বিজেপি শক্তিশালী হ'ব বুলি কটাক্ষ কৰিছে।

বিপিএফ দলৰ লগতে বিজেপিকো বিটিএডিত শক্তিশালী কৰাৰ গধুৰ দায়িত্বৰ বাবেই  যোৱা ৰাতি তেওঁৰ টোপনিয়ে নহ'ল বুলি উপলুঙাসূচক মন্তব্য কৰে। তেওঁ আৰু কয় যে সমগ্ৰ দেশ, ৰাজ্যতে বিজেপি শক্তিশালী হৈ পৰাৰ লগতে বিটিএডি এলেকাতো দলটো তলে তলে শক্তিশালী হৈ পৰিছে।

মিত্ৰদল হিচাপে বিপিএফে সদায় অগপ আৰু বিজেপিক সহায় কৰি আহিছে আৰু সকলো ৰাজনৈতিক দলৰে বিটিএডিত গণভিত্তি শক্তিশালী কৰাৰ অধিকাৰ আছে বুলিও মন্তব্য কৰে হাগ্ৰামাই। মহিলাৰীয়ে কয় যে বডোলেণ্ড অতিথিশালাত কালি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেবাটাও অনুৰোধ জনাইছিল।

উক্ত অনুৰওধলৈ সঁহাৰি জনাই বিটিচিৰ বিধানপৰিষদত বিজেপি দলৰ এগৰাকীক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভূক্তকৰণ আৰু , ভিচিডিচিসমূহত বিজেপিৰ নেতা-কৰ্মীক চামিলকৰণ সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামাই।

এইখিনিলৈকে সকলো ঠিকে আছিল যদিও বিটিএডিত বিজেপি দলক শক্তিশালী নকৰিলে বিপিএফ দল আগন্তুক লোকসভা নিৰ্বাচনত বিজয়ী হোৱাটো অসম্ভৱ বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যক অগ্ৰহণযোগ্য আখ্যা দিয়ে হাগ্ৰামাই। এনে মন্তব্য  প্ৰকৃততে পৰোক্ষ ভাবুকি আৰু মিত্ৰ দলৰ পক্ষে অশোভনীয়  তথা দুখজনক কাৰ্য  বুলিও হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰি দিয়ে।

ইপিনে চানদ্ৰুপঝংখাৰত আজি অনুষ্ঠিত হোৱা বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিটিএডিৰ অগপ অধ্যুষিত অঞ্চলসমূহত অগপৰ কৰ্মীসকলৰ সৈতে সমিলমিলেৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।