কোকৰাঝাৰঃ নিদ্ৰাহীনতাৰ চিকাৰ হৈছে হাগ্ৰামা মহিলাৰী। ৰাতি ৰাতি এতিয়া টোপনি নাহে বি পি এফ মূৰব্বীজনৰ। মাজ মাজে চিলমিলিয়া টোপনি আহিলেও ভয়লগা সপোনৰ বাবে আধাতে সাৰ পাই উঠে বন্দুক দলিয়াই ৰাজনীতিলৈ অহা হাগ্ৰামাই। শনিবাৰে এখন সভাত বিটিচি প্ৰধানজনে নিজ মুখে সদৰী এনে দুৰ্দশাৰ কথা।
এই কথা শুনি অনুৰাগীসকলৰো বৃদ্ধি পায় দুশ্চিন্তা। কি হ’ল তেওঁলোকৰ প্ৰিয় নেতাজনৰ? প্ৰতাপী নেতাজনৰ নিদ্ৰাহীনতাৰ কাৰণেই বা কি? কি হৈছে হাগ্ৰামাৰ? কি দুশ্চিন্তাই খুলি খুলি খাইছে তেওঁক?