প্ৰতিকী ফটো
প্ৰতিকী ফটো

কোকৰাঝাৰঃ ডিমা হাছাওৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত জুৱেল গাৰ্লোছা, মোহিত হোজাই, আৰু নিৰঞ্জন হোজাইক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ 'নিয়া’ৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰাতো দুৰ্ভাগ্যজনক। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

'নিয়া’ৰ বিশেষ আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনায় হাগ্ৰামাই বিষয়টো সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈকো আহ্বান জনায়।

এনে ৰায়দানৰ ফলত অনাগত দিনসমূহত কোনো উগ্ৰপন্থী সংগঠনে মূল সুতিঁলৈ ঘূৰি নাহিব বুলিও আশংকা ব্যক্ত কৰে হাগ্ৰামাই। বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে কয় বিটিচি প্ৰধানজনে।

আনহাতে আজিৰ কাৰ্যনিৰ্বাহক সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফৰ প্ৰাধান্য থকা এলেকাসমূহত বিপিএফ দলে নিজাকৈ প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অৱশ্যে বিপিএফৰ কম প্ৰভাৱ থকা আন ঠাইত তথা ঠাই বিশেষে অগপ আৰু বিজেপিক সহায় কৰিব বুলি মন্তব্য কৰি মহিলাৰীয়ে মিত্ৰজোঁট চৰকাৰ খনৰ লগত এবছৰ থাকি সন্তুষ্ট হোৱা বুলিও উল্লেখ কৰে ৷ 

আজি ৰঞ্জন দৈমাৰী গোটৰ সাত গৰাকী সদস্যৰ লগতে এবিএমছুৰ প্ৰাক্তন সভাপতি চাহাবুদ্দিন শ্বেখে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। ৰঞ্জন দৈমাৰী গোটৰ বিপিএফ দলত যোগদান কৰা সদস্য কেইজনৰ বিৰুদ্ধে চলি থকা গোচৰ সমূহ প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰক অনুৰোধ কৰিব বুলি জানিবলৈ দিয়ে হাগ্ৰামাই৷ 

আজিৰ সভাতে মুছলপুৰৰ আলাউদ্দিন আলীক সভাপতি আৰু ফকিৰাগ্ৰামৰ চুলতান আলমক সাধাৰণ সম্পাদক হিচেপে লৈ বিপিএফ দলৰ ধৰ্মীয় সংখ্যালঘু কোষ গঠন কৰা হয়৷