গুৱাহাটীঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত পৰিষদীয় নিৰ্বাচন স্থগিত হোৱাত বিটিএডিত ৰাজ্যপালৰ শাসন আৰম্ভ হোৱাৰ পিছতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক লৈ অসন্তুষ্ট হৈ পৰিছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী। কেৱল অসন্তুষ্ট হৈ পৰাই নহয়, যথেষ্ট আৱেগিকো হোৱা দেখা গৈছে একেৰাহে ১৫ বছৰ বিটিচিত দপদপাই থকা হাগ্ৰামা। বৃহস্পতিবাৰে বিটিচি সচিবালয়ত মুখ্য সচিব সিদ্ধাৰ্থ সিং প্ৰৱেশ কৰাৰ পিছতে কৰা এলানি টুইটত স্পষ্ট হৈ পৰিছে হাগ্ৰামাৰ অসন্তুষ্টি আৰু আৱেগ।
বিটিচি সচিবালয়ত মুখ্য সচিব সিদ্ধাৰ্থ সিং প্ৰৱেশ কৰি প্ৰশাসনিক কাম-কাজৰ তদাৰক আৰম্ভ কৰাৰ পিছতে দুপৰীয়া ১২.৩৮ বজাত নিজৰ আইফোনেৰে বিজেপিৰ টুইটাৰ হেণ্ডলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ টুইটাৰ হেণ্ডলক মেনশ্যন কৰি আজি প্ৰথমটো টুইট কৰে ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট হৈ পৰা হাগ্ৰামাই। এই টুইটত সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে আৱেগ।