newsnextoneহাইলাকান্দিঃ হাইলাকান্দি জিলাৰ এক অতি পিচপৰা অঞ্চল বেতছড়া গাঁওত যোৱা মাৰ্চ মাহত এক হত্যা আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল৷স্থানীয় খৱৰ অনুসৰি উক্ত গাঁওখনৰ কিনিৰুম ৰিয়াং নামৰ জনজাতিয় কিশোৰী এগৰাকীক অকলশৰীয়া অৱস্থাৰ সুযোগ লৈ সেই গাঁওৰেই জছিমুদ্দিন নামৰ যুৱক এজনে প্ৰথমে ধৰ্ষণ কৰি পিচত হত্যা কৰে৷বিভিন্ন দল-সংগঠনে এই হত্যাকাণ্ডৰ প্ৰতিবাদ কৰিছিল৷পিচত ৰামনাথপুৰ আৰক্ষীয়ে অপৰাধী জছিমুদ্দিনক গ্ৰেপ্তাৰ কৰি জছিমুদ্দিনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ 
উক্ত ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ন কৰি যোৱাকালি হাইলাকান্দি চেচন আডালতে এক ঐতিহাসিক ৰায়যোগে আই পি চি ৬০-৬০৮ ধাৰাত অভিযুক্ত জছিমুদ্দিনক দোষী সাব্যস্ত কৰি ১ লাখ টকাৰ জৰিমনা সহ মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে৷
হাইলাকান্দি জিলাৰ বিভিন্ন দল সংঘটনে আডালাতৰ এই ঐতিহাসিক ৰায়ক স্বাগতম জনাইছে৷