হাতীগাঁৱত এগৰাকী মহিলাক বলাৎকাৰ৷ হাতীগাঁৱত এগৰাকী মহিলাক বলাৎকাৰৰ অভিযোগ
হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা অতি গুৰুত্বসহকাৰে লৈ আগবঢ়াইছে তদন্ত প্ৰক্ৰিয়া৷

গুৱাহাটী,২২ এপ্ৰিলঃ মহিলাৰ বাবে মুঠেই সুৰক্ষিত নহয় গুৱাহাটী মহানগৰী৷ক্ৰমবৰ্ধমান হাৰত মহিলা নিৰ্যাতিতা হৈ থকাৰ বাতৰিয়ে এই কথাকেই প্ৰমাণ কৰিছে৷হাতীগাওঁত এগৰাকী মহিলাক তিনি যুৱকে মিলি দলবদ্ধ ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে৷ঘটনামৰ্মে আজিৰ পৰা কেইদিনমান পূৰ্বে হাতীগাঁৱৰ পূবেৰুণ পথত থকা MANASTRIM TECHNOLOGY PVT LTDত যোগদান কৰিছিল কাৰ্বি আংলঙৰ এগৰাকী মহিলাই৷ অভিযোগ মতে, প্ৰতিষ্ঠানটোত কৰ্মৰত ৩ কৰ্মচাৰী ক্ৰমে নাইমুদ্দিন আলী, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে যোৱা কালি বুধবাৰে দুপৰীয়া ভাত খুৱাব বুলি মহিলাগৰাকীক লৈ গৈছিল নীলকমল পথৰ ২১নম্বৰ ঘৰটোলৈ৷ তাৰ পিছতে ৩ যুৱকে মিলি গণধৰ্ষণ কৰে মহিলাগৰাকীক৷

ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰৌফিক আলীক লগে লগে অৱগত কৰিছিল যদিও ঘটনাক গাপ দিয়াৰহে চেষ্টা চলাইছিল ৰৌফিক আলীয়ে৷ যাৰ বাবে উপায়বিহীন মহিলাগৰাকীয়ে বুধবাৰে নিশাই হাতীগাঁও থানাত ৰুজু কৰে এক গোচৰ৷

সেই গোচৰৰ ভিত্তিতে বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষীয়ে ৩ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাক গাপ দিব চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰৌফিল আলীক৷

ইপিনে সমগ্ৰ অভিযোগ নস্যাৎ কৰা ৩ অভিযুক্তৰ মতে, ৫ হাজাৰ টকা নিদিয়াৰ বাবেই ধৰ্ষণৰ অভিযোগ আনিছে মহিলাগৰাকীয়ে৷ ইতিমধ্য হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা অতি গুৰুত্বসহকাৰে লৈ আগবঢ়াইছে তদন্ত প্ৰক্ৰিয়া৷ আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ’ব কোন সঁচা কোন মিছা৷