newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এক অনুষ্ঠানত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়তে হঠাৎ এগৰাকী সাংবাদিকৰ ওপৰত গেৰগেৰাই উঠা পৰিলক্ষিত হয়৷ ৰাজ্যখনৰ শাসকীয় প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কৰা এনে আচৰণে এতিয়া সকলোতে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷
ঘটনা অনুসৰি, শনিবাৰে হাৰিয়ানাৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছিল৷