13
Jun
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ডিকম হাতীগান্ধৈ গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক সহায়ৰ হাত আগবঢ়ালে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে৷
হাতীগান্ধৈ গাঁৱৰ দৰিদ্ৰ ৰজত গোহাঁই আৰু বিদ্যাবতী গোহাঁইৰ কন্যা লিপিকা গোহাঁইক নিজ ঘৰলৈ গৈ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে আজি সহায়ৰ হাত আগবঢ়ায়৷
চাবুৱাৰ নৰ্থ-ইষ্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮২.৬% (৪১৩) নম্বৰ লাভ কৰি সুখ্যতিৰে উত্তীৰ্ণ হৈছিল লিপিকা৷ মাতৃ বিদ্যাবতী গোহাঁইয়ে লিপিকাৰ পঢ়াৰ খৰছ উলিয়াবলৈ আনৰ চাহ বাগিছাত কাম কৰে৷
অাজি সন্ধিয়া সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ এটা সজাঁটী দলে লিপিকা ঘৰত উপস্থিতহৈ সংগঠনৰ তৰফৰ পৰা নগদ ধন আগবঢ়ায়৷ সংগঠটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই দৰিদ্ৰ পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীক নগদ ধন দিয়াৰ লগতে সম্পুৰ্ণ সহায় কৰি যোৱাৰ আশ্বাস দিয়ে৷