গুৱাহাটীঃ “মই যোৱা ১৪ বছৰত যি কৰিম বুলি কৈছো সকলো কৰিছো৷ আপোনালাকো সকলোৱে জানেই৷”- আজি বিধানসভাৰ মজিয়াত বিৰোধীক এইদৰে প্ৰত্যুত্তৰ দিয়ে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
অসম বিধান সভাৰ সপ্তম দিনৰ অধিৱেশনত বিৰোধীক উদ্দেশ্যে এই শেল এৰি মন্ত্ৰী হিমন্তই জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা দল-সংগঠনক প্ৰত্যাহ্বান জনায়৷ অসমৰ সাধাৰণ ৰাইজে দীনদয়াল নামাকৰণৰ বিৰোধিতা কৰা নাই বুলিও তেওঁ দাবী কৰে।