গুৱাহাটীঃ এতিয়া তেওঁৰ চৌদিশে জয়জয়-ময়ময়! দিন যিমানেই গৈছে বিপৰীত পক্ষৰ সৈতে জয়ৰ ব্যৱধান সিমানে বাঢ়িছে। বহুতৰ মতে তেওঁ অসমৰ ৰাজনীতিত মহা পৰাক্ৰমী। বহুতৰ মতে তেওঁ সকলো পাইছে, নতুনকৈ পাবলৈ আৰু একো নাই। আন একাংশৰ মতে আকৌ যিখন চকী তেওঁৰ লক্ষ্য আছিল সেই চকীত বহাৰ সৌভাগ্য উদয় হ’বলৈ বৰ্তমানো বাকী আছে।
কোনো কোনোৰ মতে তেওঁ দেশৰ প্ৰতিভাৱান ৰাজনৈতিক নেতাসকলৰ অন্যতম। অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী বুলিও একপ্ৰকাৰ স্বীকৃতি লাভ কৰিছে তেওঁ। কোনো কোনোৰ মতে তেওঁ যোৱা ২০ বছৰ ধৰি অসমৰ দুই নম্বৰ মন্ত্ৰী হৈ আছে। বহুতে আকৌ প্ৰকৃতাৰ্থত তেওঁৱেই ইমানদিনে চৰকাৰ চলাই আহিছে বুলিও দাবী কৰে। তেওঁ যিয়েই নহওক অসমৰ ৰাজনীতিত সৰহসংখ্যক লোকেই তেওঁক সমীহ কৰে।