Home ৰাজনীতিহিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ… পাক লিংকক লৈ সংবাদমেলৰ যুদ্ধত কাৰ অগ্ৰগতি?

হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ… পাক লিংকক লৈ সংবাদমেলৰ যুদ্ধত কাৰ অগ্ৰগতি?

by News Desk
A+A-
Reset

বিশেষ প্ৰতিবেদনঃ দুখন পৃথক সংবাদমেল। এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, আনখন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। দুয়োখন সংবাদমেলৰ স্থান, উপস্থিত থকা লোক পৃথক হ’লেও প্ৰসংগ অৱশ্যেই এটা- গৌৰৱ গগৈৰ পাকিস্তান লিংক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিক কুৰুক্ষেত্ৰৰ ৰণলৈ পৰিণত কৰা এই দুখন সংবাদমেল আৰু তাত উত্থাপন হোৱা অভিযোগ-প্ৰত্যুত্তৰক লৈ এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিছে অসমৰ জনতা। কোন সঁচা, কোন মিছা সেয়া বিচাৰ কৰাৰ সমান্তৰালভাৱে মানুহৰ মনত এই প্ৰশ্নৰো এতিয়া উদ্ৰেক ঘটিছে যে এই সমগ্ৰ অভিযোগ-প্ৰত্যাভিযোগক লৈ নিমাত কিয় কেন্দ্ৰীয় চৰকাৰ?

৮ ফেব্ৰুৱাৰীত সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰৰ লোকসেৱা ভৱনত সম্বোধন কৰা এই সংবাদমেলখনলৈ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা হৈছিল কেইবাগৰাকীও ৰাষ্ট্ৰীয় সাংবাদিকক। এই সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহৰ বাবে পূৰ্বে তেওঁ ১০ ছেপ্টেম্বৰৰ দিন এটা নিজে ঘোষণা কৰিছিল। কিন্তু সেই নিৰ্দিষ্ট দিনটোত নহ’লেও অৱশেষত ৫ মাহৰ অন্তত তেওঁ একেখিনি বিষয়বস্তুৰে সংবাদমেলখন সম্বোধন কৰে।

সমগ্ৰ অসমবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ থকা এই সংবাদমেলখনৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক তথ্যসহকাৰে ফাদিল কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও বাস্তৱত সেয়া নহ’ল। বিগত প্ৰায় এটা বছৰত মুখ্যমন্ত্ৰীয়ে মিডিয়াৰ বুম দেখিলেই বখানি মেলা আধ্যায়ৰ এক সংহত ৰূপ হিচাপে পৰিগণিত হয় এই সংবাদমেলখন। দুই-এটা নতুন অভিযোগক বাদ দি মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত উত্থাপন কৰা প্ৰায়সমূহ অভিযোগ তেওঁ পূৰ্বেই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা। ইয়াৰোপৰি একাধিক অভিযোগ সন্দৰ্ভত পূৰ্বেই স্পষ্টীকৰণো দি থৈছিল গৌৰৱ গগৈয়ে।

ইফালে, মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ ঠিক এদিন পাছতে অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ মুখামুখি হয় গৌৰৱ গগৈ। অসমৰ আঞ্চলিক তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ উত্তৰ দিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এটা এটা অভিযোগৰ। পত্নীৰ বিদেশী নাগৰিকত্বৰ পৰা তেওঁৰ পাকিস্তান ভ্ৰমণলৈকে প্ৰতিটো অভিযোগৰ স্পষ্ট উত্তৰ দি গৌৰৱ গগৈয়ে ওলোটাই প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

অসমৰ নিৰ্বাচনী ৰাজনীতিৰ হাৱা গৰম কৰা এই দুয়োখন সংবাদমেলক লৈ এতিয়াও সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিষয়টোৱে গুৰুত্বসহকাৰে স্থান লাভ কৰিছে। এই সংবাদমেলৰ পিছতে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আছুতীয়া সাক্ষাৎকাৰত বহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ। নিশ্চিতভাৱে এই অভিযোগ আৰু প্ৰত্যাভিযোগে মাত্ৰ তিনিটা মাহ পিছতে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এক নতুন ৰণাংগণৰো সৃষ্টি কৰিছে।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কি কি প্ৰমাণ দিলে?

৮ ফেব্ৰুৱাৰীত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক স্পষ্টভাৱে “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰি তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগসমূহ উত্থাপন কৰে। বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিত তেওঁ কয় যে ২০১৩ চনৰ ডিচেম্বৰ মাহত গৌৰৱ গগৈয়ে অটাৰী-ৱাঘা সীমান্তৰে প্ৰৱেশ কৰি লাহোৰত উপস্থিত হোৱাৰ পিছত পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ভিছাৰ ম্যাদ বৃদ্ধি কৰি ইছলামাবাদ আৰু কৰাচীলৈ যোৱাৰ অনুমতি লাভ কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণক “অতি গোপনীয়” বুলি বৰ্ণনা কৰি কয় যে গৌৰৱ গগৈয়ে সমগ্ৰ ভ্ৰমণকালত “ডিজিটেল মৌনতা” পালন কৰিছিল। গৌৰৱ গগৈয়ে এই পাকিস্তান ভ্ৰমণকালত কোনো ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বুলিও সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, “এই ধৰণৰ ভ্ৰমণৰ পিছত পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে তেওঁৰ সম্পূৰ্ণ ডিজিটেল ৰেকৰ্ড ৰখাৰ সম্ভাৱনা আছে, যিটো ভৱিষ্যতে ব্লেকমেইলৰ বাবে ব্যৱহাৰ কৰিব পাৰে।”

গৌৰৱৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পেছাদাৰী জীৱনকো। তেওঁ কয় যে এলিজাবেথে ‘লীড পাকিস্তান’ নামৰ সংস্থাত ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈকে কনচালটেণ্ট হিচাপে কাম কৰিছিল আৰু সেই সময়ত পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে এলিজাবেথে ভাৰতত থকাৰ সময়তো পাকিস্তানৰ পৰা দৰমহা গ্ৰহণ কৰিছিল আৰু Foreign Contribution Regulation Act (FCRA)ৰ নিয়মসমূহ উলংঘা কৰিছিল। তেওঁ কয়, “এই দৰমহা গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ অস্বচ্ছ আছিল আৰু নিৰ্বাচনী শপতনামাত ইয়াৰ উৎসৰ বিষয়ে কোনো উল্লেখ কৰা নাই।”

আৰু এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ ৫ আগষ্টত এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে আলী তৌকীৰ শ্বেখলৈ ৫০ পৃষ্ঠাৰ এক গোপন প্ৰতিবেদন প্ৰেৰণ কৰিছিল। এই প্ৰতিবেদনত ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ স্পৰ্শকাতৰ তথ্য, যেনে ইণ্টেলিজেন্স ব্যুৰ’ৰ কিছুমান গোপন তথ্য উল্লেখ কৰা হৈছিল বুলি তেওঁ দাবী কৰে। মুখ্যমন্ত্ৰীয়ে কয়, “এই প্ৰতিবেদনত ভাৰতৰ শাসন ব্যৱস্থাৰ দুৰ্বলতাসমূহৰ বিশ্লেষণ আছিল আৰু পাকিস্তানী অভিনেতাসকলক সহায় কৰাৰ উদ্দেশ্যেৰে লিখা হৈছিল।” তেওঁ এই কাৰ্যকলাপক “ভাৰত বিৰোধী ষড়যন্ত্ৰ”ৰ এক অংশ বুলি অভিহিত কৰে।

গৌৰৱ গগৈৰ পত্নীৰ ভ্ৰমণৰ ইতিহাসৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিবাহৰ পূৰ্বে তেওঁ তিনিবাৰ আৰু বিবাহৰ পিছত নব্বৈবাৰ পাকিস্তান ভ্ৰমণ কৰিছে। তেওঁ কয় যে এই সঘন ভ্ৰমণৰ সময়ত এলিজাবেথে কাশ্মীৰ আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে ভাৰত বিৰোধী অৱস্থান লোৱা আন্তৰ্জাতিক গোটসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয়, “এই ভ্ৰমণসমূহৰ উদ্দেশ্য আৰু তাৰ ফলাফল অতি স্পষ্ট- ভাৰতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা।”

কিন্তু এই সংবাদমেলত গৌৰৱ আৰু এলিজাবেথৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিয়েই ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী। অভিযোগ-প্ৰত্যাভিযোগৰ এই যুঁজলৈ মুখ্যমন্ত্ৰীয়ে টানি আনে গৌৰৱ গগৈৰ দুই কণমানি সন্তানকো। সন্তানৰ নাগৰিকত্ব আৰু ধৰ্ম সংক্ৰান্ত বিষয়ত মুখ্যমন্ত্ৰীয়ে অত্যন্ত তীব্ৰ ভাষাত অভিযোগ কৰে। তেওঁ কয় যে ২০২২ চনত গৌৰৱ গগৈয়ে দিল্লীৰ পাছপৰ্ট অফিচত নিজৰ সন্তানৰ ভাৰতীয় পাছপৰ্ট জমা দি ব্ৰিটিছ নাগৰিকত্ব লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় পাছপৰ্টত ধৰ্মৰ স্তম্ভত “হিন্দু” লিখা আছিল, কিন্তু ব্ৰিটিছ পাছপৰ্টত সেই স্তম্ভ সম্পূৰ্ণ খালী ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে কয়, “এই কাৰ্য অসমৰ বাবে লজ্জাজনক আৰু নৈতিকতাহীন। সন্তানৰ বয়স মাত্ৰ ৫ আৰু ৯ বছৰ; তেওঁলোকে এই সিদ্ধান্তৰ গুৰুত্ব বুজি নাপায়।”

মুখ্যমন্ত্ৰীয়ে এছআইটি প্ৰতিবেদনৰ ভিত্তিত কয় যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ মাজত আলী তৌকীৰ শ্বেখৰ সৈতে “গভীৰ আৰু দীৰ্ঘকালীন সংযোগ” আছে আৰু এই সংযোগে ভাৰতৰ অভ্যন্তৰীণ বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ কয়, “এই সংযোগৰ ফলত ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উঠিছে।” মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা গভীৰ তদন্তৰ প্ৰয়োজন।

মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই কয় যে যদি তেওঁ ভ্ৰমণৰ উদ্দেশ্য, পত্নীৰ দৰমহাৰ উৎস আৰু সন্তানৰ নাগৰিকত্ব সলনিৰ বিষয়ে স্পষ্ট ব্যাখ্যা নিদিয়ে তেন্তে “ৰাষ্ট্ৰদ্ৰোহ”ৰ অভিযোগ উত্থাপন হ’ব পাৰে। তেওঁ কয়, “এই অভিযোগসমূহ কোনো ৰাজনৈতিক প্ৰতিহিংসা নহয়; ই সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত।” গৌৰৱ গগৈয়ে নিৰ্বাচনী শপতনামাত পত্নীৰ পাকিস্তানী বেংক একাউন্ট আৰু দৰমহাৰ উৎসৰ বিষয়ে লুকাই ৰখাৰো অভিযোগো উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁ ৰাৱালপিণ্ডি জিলালৈ গৈছিল য’ত পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ অৱস্থিত। তেওঁ কয়, “এই ভ্ৰমণৰ বিষয়ে ভিছাত উল্লেখ কৰা নাই আৰু ইয়াৰ পিছত পাকিস্তানৰ গোপন সংস্থাসমূহে তেওঁক ব্লেকমেইল কৰিবলৈ সক্ষম হ’ব পাৰে।” তেওঁ দাবী কৰে যে এই সকলোবোৰে এক বৃহত্তৰ আন্তৰ্জাতিক ষড়যন্ত্ৰৰ অংশ আৰু কেন্দ্ৰীয় এজেন্সীৰ দ্বাৰা গভীৰ তদন্তৰ প্ৰয়োজন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ কাৰ্যকলাপে ভাৰতৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক বিপন্ন কৰিছে। তেওঁ কয়, “এই বিষয়ত কোনো ৰাজনৈতিক দৃষ্টিভংগী নাই; ই সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন।” তেওঁ অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই বিষয়ত গভীৰ অনুসন্ধান কৰিব লাগিব।

মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দি গৌৰৱ গগৈৰ সংবাদমেল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগৰ পাছদিনাখন অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰতিটো অভিযোগৰ স্পষ্ট আৰু পুংখানুপুংখ প্ৰত্যুত্তৰ দাঙি ধৰে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ আৰম্ভণিতেই স্পষ্ট কৰে যে এই সংবাদমেলৰ উদ্দেশ্য কোনো ব্যক্তিগত আক্ৰমণ নহয়, বৰঞ্চ অসমৰ ৰাইজক সঠিক তথ্য প্ৰদান কৰি বিভ্ৰান্তি দূৰ কৰাহে। মুখ্যমন্ত্ৰীয়ে তেওঁক “পাকিস্তানী এজেণ্ট” বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ হাতত এনে অভিযোগৰ কোনো প্ৰমাণ নাই। তেওঁ ওলোটাই প্ৰশ্ন কৰি কয়, “যদি এই অভিযোগ সঁচা হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰে দশকজোৰা নিস্তব্ধতা কিয় পালন কৰিছে?”

পাকিস্তান ভ্ৰমণৰ অভিযোগৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয় যে ২০১৩ চনৰ ডিচেম্বৰত তেওঁ পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিল। তেওঁ স্পষ্ট কৰে যে সকলো ভিছা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে লাভ কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰক সেই বিষয়ে সম্পূৰ্ণৰূপে জনোৱা হৈছিল। প্ৰধানমন্ত্ৰীৰ প্ৰসংগ টানি আনি তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও পাকিস্তানলৈ গৈছে। বিজেপিৰ বহু নেতাই গৈছে। আইনীভাৱে কোনো দেশলৈ যোৱাটো অপৰাধ নহয়।” গগৈয়ে তক্ষশীলাক ভাৰতীয় সভ্যতাৰ গৌৰৱময় স্থান বুলি উল্লেখ কৰি কয় যে এজন গৌৰৱান্বিত ভাৰতীয় হিচাপেহে তেওঁ সেই স্থান ভ্ৰমণ কৰিছিল।

ভিছাৰ ম্যাদ বৃদ্ধি আৰু ৰাৱালপিণ্ডি ভ্ৰমণৰ অভিযোগ খণ্ডন কৰি গগৈয়ে জনায় যে তেওঁৰ পাছপৰ্টৰ তথ্যত কেৱল লাহোৰ আৰু ইছলামাবাদৰহে উল্লেখ আছে। ৰাৱালপিণ্ডি বা পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰমাণ নাই বুলি দাবী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে একেটা সংবাদমেলতে ভ্ৰমণৰ দিনক লৈ কৰা মন্তব্যই তেওঁৰ অভিযোগসমূহৰ স্থিৰতাহীনতাহে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে স্পষ্ট কৰে যে তেওঁ কোনো গোপন প্ৰশিক্ষণ গ্ৰহণ কৰা নাই আৰু মুখ্যমন্ত্ৰীয়ে দাবী কৰা “ডিজিটেল মৌনতা”ৰ কথাটোও সম্পূৰ্ণ মিছা।

বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনক লৈও গৌৰৱ গগৈয়ে তীব্ৰ প্ৰশ্ন উত্থাপন কৰে। যোৱা ছয় মাহ ধৰি প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ হাতত থকাৰ পিছতো কিয় কোনো প্ৰমাণ ৰাজহুৱা কৰা নাই, তাক লৈ তেওঁ সন্দেহ প্ৰকাশ কৰে। তেওঁ কয় যে যদি সঁচাকৈয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন জড়িত আছিল, তেন্তে চৰকাৰ কিয় ইমান দিনে নিস্তব্ধ হৈ আছিল। তেওঁ এছআইটিৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ সাজু বুলি ঘোষণা কৰি সমগ্ৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ চৰকাৰক প্ৰত্যাহ্বান জনায় আৰু এই নিস্তব্ধতাক চৰকাৰৰ হাতত প্ৰমাণ নথকাৰ প্ৰমাণ বুলি অভিহিত কৰে।

পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত গগৈয়ে কয় যে তেওঁৰ পত্নীৰ কৰ্মৰাজি এক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ অংশ যি সম্পূৰ্ণ স্বচ্ছ আৰু বৈধ। গৌৰৱ গগৈয়ে কয়, ”পাকিস্তানত থকাৰ সময়ত বজাৰ-সমাৰৰ বাবে স্থানীয় একাউন্ট খোলা হৈছিল যিটো পিছত বন্ধ কৰি দিয়া হৈছে।” তেওঁ লগতে স্পষ্ট কৰি দি কয়, “মোৰ পৰিবাৰৰ দৰমহা পাকিস্তানৰ নহয়, আন্তৰ্জাতিক সংস্থাৰ পৰা আহে। নিৰ্বাচনী শপতনামাত সকলো বিষয় স্পষ্টভাৱে উল্লেখ কৰা আছে।”

সন্তানৰ নাগৰিকত্ব আৰু ধৰ্ম সলনিৰ অভিযোগৰ প্ৰতি গৌৰৱ গগৈয়ে গভীৰ ক্ষোভ প্ৰকাশ কৰি কয় “মোৰ ৫ বছৰীয়া আৰু ৯ বছৰীয়া সন্তানৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰাটো সম্পূৰ্ণ আইনবিৰোধী আৰু নৈতিকতাহীন। ৰাজনৈতিক যুদ্ধ কেৱল নিৰ্বাচিত নেতাসকলৰ মাজতে সীমাবদ্ধ থাকিব লাগে।” তেওঁ আৰু কয়, “সন্তানৰ বয়স ১৮ বছৰ হ’লে তেওঁলোকেই নিজে সিদ্ধান্ত ল’ব। কিন্তু তেওঁলোকৰ গোপন কথা এনেদৰে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে অপৰাধ কৰিছে। আমিও তেওঁৰ সন্তানৰ বিষয়ে জানো। সমগ্ৰ গুৱাহাটীবাসীয়ে জানে। আপোনাৰ সন্তানৰ কথা ৰাজহুৱা কৰিবলৈ আমাক বাধ্য নকৰিব।’’ তেওঁ মুখ্যমন্ত্ৰীক এই কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ পদৰ অযোগ্য বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা ভূমি দখলৰ অভিযোগৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে “কংগ্ৰেছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰায় ৪০০০ একৰ ভূমিৰ অবৈধ দখলৰ অভিযোগ দাঙি ধৰাৰ পিছতেই এই নাটক মঞ্চস্থ কৰা হৈছে। কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, সেয়েহে এই প্ৰতিহিংসা।” তেওঁ কয় যে “ক্ষমতালৈ আহিলে সেই ভূমি দখলমুক্ত কৰি দৰিদ্ৰ আৰু ভূমিহীনসকলৰ মাজত বিতৰণ কৰা হ’ব।”

গৌৰৱ গগৈয়ে কয় যে “মই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ গুণ্ডা বাহিনীলৈ ভয় নকৰো। মই তৰুণ গগৈৰ সন্তান আৰু লাচিত বৰফুকনৰ বংশৰ।” তেওঁ মুখ্যমন্ত্ৰীৰ সংবাদমেলক ‘ফ্লপ চিনেমা’ আৰু ‘শতিকাৰ আটাইতকৈ ব্যৰ্থ সংবাদমেল’ বুলি অভিহিত কৰি কয় যে “অভিযোগসমূহ প্ৰমাণহীন আৰু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত।” গৌৰৱ গগৈয়ে অসমৰ জনতাক সত্য অনুসন্ধান কৰি সিদ্ধান্ত ল’বলৈকো আহ্বান জনায়।

সংসদত ৰাষ্ট্ৰীয় সুৰক্ষাৰে জড়িত প্ৰশ্ন কৰা বুলি উত্থাপিত অভিযোগক লৈ কি ক’লে গৌৰৱ গগৈয়ে?

সংবাদমেলত ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ হেতালি খেলি লোকসভাত প্রশ্ন উত্থাপন কৰা বুলি মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই আগবঢ়োৱা মন্তব্য সন্দৰ্ভতো প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। হিমন্তবিশ্ব শৰ্মাক উভতি ধৰি সভাপতি গগৈয়ে সংসদত কেনেকৈ প্রশ্ন উত্থাপন কৰে, সেয়া মুখ্যমন্ত্রীয়ে নাজানে বুলি মন্তব্য আগবঢ়ায়। এইক্ষেত্রত মুখ্যমন্ত্রী শৰ্মাক পঢ়া-শুনা কৰিবলৈও সংবাদমেলযোগে পৰামৰ্শ আগবঢ়ায় সভাপতি গগৈয়ে।

গৌৰৱ গগৈয়ে কয়, ‘অসমৰ সাংসদে সংসদত দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ কিয় প্রশ্ন কৰিব নোৱাৰে? মোৰ প্রশ্ন এয়াই যে অসমৰ সাংসদে দেশৰ সুৰক্ষাক লৈ প্রশ্ন নকৰিব কিয়? অসমৰ সাংসদে দেশৰ হকে ভাবিব নোৱাৰে নেকি? অসমৰ সাংসদে আন্তঃৰাষ্ট্ৰীয় বিষয়, ভাৰতৰ বিদেশ নীতি কি হ’ব লাগে তাক লৈ বিচাৰ ব্যক্ত কৰিব নোৱাৰে নেকি?’

মুখ্যমন্ত্রীক অলপ পঢ়া-শুনা কৰিবলৈ সংবাদমেলযোগে পৰামৰ্শ আগবঢ়াই প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- ‘মই সদনত যি প্রশ্ন কৰিছিলো, সেই একেই প্রশ্ন অন্য দলৰ সাংসদেও উত্থাপন কৰিছিল। এন চি পিৰ সাংসদেও প্রশ্ন কৰিছিল, যিজন সাংসদে এতিয়া বিজেপিত যোগদান কৰিছে। মই মুখ্যমন্ত্ৰীক আৰু তথ্য দিব খোজো যে যদি লোকসভাৰ সচিবালয়ে ভাবে যে কোনো প্রশ্নৰ বৈধতা নাই বা প্রশ্নটোৰ উত্তৰ ৰাজহুৱা হ’ব নালাগে, তেন্তে সম্পূর্ণ প্রশ্নটোকে বাতিল কৰে। সাংসদে প্রশ্ন কৰিবলৈ হ’লে প্রশ্নবোৰৰ বাবে আগতীয়া জাননী দিব লাগে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত শ’লঠেকত পেলাব পৰা প্রশ্ন বাতিল কৰে লোকসভাৰ সচিবালয়ে। আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নির্দেশনা গৈছে যে কোনোধৰণৰ প্ৰশ্ন পি এম কেয়াৰৰ ওপৰত সুধিব নোৱাৰে। যদি মোৰ প্ৰশ্নৰ উত্তৰ লোকসভাৰ সচিবালয়ে গ্রহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰ দিছে, তেন্তে জানিব লাগিব যে সেই প্রশ্ন শুদ্ধ প্রশ্ন। মই ভাবো, মুখ্যমন্ত্রীয়ে সংসদত কেনেকৈ প্রশ্ন কৰে সেই কথা নাজানে। সদনৰ নিয়ম আৰু প্ৰক্ৰিয়াৰ বিষয়ে মুখ্যমন্ত্রীয়ে জানি লোৱা উচিত। অসমৰ সাংসদে একো নাজানে বুলি ভবাটো মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিন্তা।’

ইপিনে সংবাদমেলত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা কিয় শুই থাকিল বুলিও প্রশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্রী শর্মাই কয়- ‘মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই প্রায় ৬ মাহ অসমৰ ৰাইজৰ পৰা এছ আই টিৰ প্রতিবেদনখন লুকুৱাই ৰাখিলে। তেওঁ ছমাহ প্রতিবেদনখন পঢ়িলে। এতিয়া বিষয়টো যদি ইমানেই গুৰুত্বপূর্ণ, বিষয়টোৰ যদি ৰাষ্ট্ৰীয় সুৰক্ষাৰে সম্পৰ্ক আছে, তেন্তে মুখ্যমন্ত্রী ছমাহ কিয় ৰখি থাকিল। যদি কেন্দ্ৰীয় চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহায়-সহযোগ লাগে, তেতিয়া তেওঁ ছমাহ এছ আই টিৰ প্রতিবেদনখন লৈ শুই থাকিল কিয়।’

বাংলাদেশৰ মৌলবীৰে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক!

সংবাদমেলত বাংলাদেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন মৌলবীৰে সৈতে উঠা ফটো এখনো প্ৰদৰ্শন কৰে গৌৰৱ গগৈয়ে। উক্ত ফটোখন প্ৰদৰ্শন কৰি হিমন্তবিশ্ব শর্মাই এতিয়ালৈকে ৯-১০ বাৰ বাংলাদেশ ভ্রমণ কৰাৰ প্ৰসংগ টানি আনি গগৈয়ে কয়, ”মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই সঘনাই বাংলাদেশলৈ গৈ খুব ভাল পায়। মই এবাৰহে পাকিস্তানলৈ গ’লো। তেওঁ ৯-১০ বাৰ বাংলাদেশলৈ গৈছে। মোৰ হাতত এখন ফটো পৰিছেহি। সন্মানীয় সাংবাদিকসকলক দেখুৱাব বিচাৰিছো। বাংলাদেশৰ এখন বিখ্যাত দৰগাহৰ সন্মুখত এজন ডাঙৰ মৌলানাৰ সৈতে মুখ্যমন্ত্ৰীৰ ফটো। সকলোৱে ফটোখন ভালকৈ চাওক। এইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মা। ফটোখন বাংলাদেশৰ আৰু এখন বহুত ডাঙৰ দৰগাহৰ সন্মুখত তোলা মুখ্যমন্ত্ৰীৰ কাষৰ মানুহজন এজন ডাঙৰ মৌলবী।’’

গগৈয়ে আৰু কয়, ”এইজন মুখ্যমন্ত্রীয়ে এতিয়া প্রত্যেকদিনেই সাম্প্রদায়িক ঘৃণাৰ ৰাজনীতি বিয়পাই ইছলামধর্মীক গালি পাৰি আছে। আপোনালোকে মুখ্যমন্ত্রীক সোধক- তেওঁ ফটো উঠা মৌলানাজনৰ নাম কি? সেইকাৰণে মই কৈ আছো যে কোনদিনা মুখ্যমন্ত্রী হিন্দু হয়, কোনদিনা মুখ্যমন্ত্রী মুছলমান হয়, কোনদিনা মুখ্যমন্ত্রী খ্রীষ্টান হয়, কোনদিনা শিখ হয়, কোনদিনা আকৌ ঘূৰি আহি মুছলমান হয় তাৰ কোনো নিশ্চয়তা নাই। কংগ্রেছত থাকোতে ধৰ্মনিৰপেক্ষ আছিল। কৈছিল-গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়। এতিয়া যেতিয়া বিজেপিত সোমালে, তেওঁ মুছলিমক গুলীয়াই থকা সাম্প্রদায়িক ভিডিঅ’ বনাইছে। ভৱিষ্যতে যে ৰাজনৈতিক সুৰক্ষাৰ বাবে খ্ৰীষ্টান, শিখ, মুছলমান কি হ’ব তেওঁহে জানে। কংগ্ৰেছৰ দিনত একদম ছেকুলাৰ, টুপীও পিন্ধিলে। এতিয়া মই টুপী পিন্ধি থকা ফটোবোৰ বিজেপিয়ে বীল বনাই আছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত টুপী পিন্ধি থকা ফটোবোৰো সামাজিক মাধ্যমত দিয়ক।’’

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গগৈয়ে কয়, ”তেওঁ হিন্দু হয় বুলি কয়, আকৌ গৰু ছিণ্ডিকেটৰ পৰা পইচাও লয়। কি হিন্দু হ’ল তেওঁ? যদি হিমন্তবিশ্ব শর্মা বাস্তৱতে হিন্দু নেতা, তেন্তে আজি নিশাই গৰু ছিণ্ডিকেট বন্ধ কৰক। মই প্রত্যাহ্বান জনাইছো। মুখ্যমন্ত্রীয়ে গৰু ছিণ্ডিকেট বন্ধ কৰিব নোৱাৰে। কাৰণ তেওঁৰ ঘনিষ্ঠ মন্ত্রীয়ে গৰু ছিণ্ডিকেট চলাই আছে। ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা পাই আছে।’’ এই কথা প্রকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে গৰু ছিণ্ডিকেট চলোৱা হিমন্তবিশ্ব শর্মা কেতিয়াও বাস্তৱত হিন্দু নেতা হ’ব নোৱাৰে বুলি দাবী কৰে। হিন্দুৰ তথাকথিত ‘ত্রাণকর্তা’ হিমন্তবিশ্ব শৰ্মাই বাংলাদেশৰ দৰগাহৰ সন্মুখত মৌলানাৰে ফটো তুলি কি কথা পাতিছিল, সেয়া অসমৰ ৰাইজক জনাবলৈকো গগৈয়ে প্ৰত্যাহ্বান জনায়।

এলিজাবেথ ক’লবার্ন গগৈয়ে পাকিস্তানৰ পৰা এতিয়াও দৰমহা পাই আছে নেকি?

মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই এলিজাবেথ ক’লবার্ন গগৈয়ে পাকিস্তানৰ দৰমহা লোৱা বুলি সংবাদমেলত কৰা অভিযোগ সন্দৰ্ভতো সংবাদমেলত প্রত্যুত্তৰ দিয়ে সাংসদ তথা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গগৈয়ে কয় যে ভাৰতলৈ অহাৰ পিচত মাথোঁ এমাহহে পাকিস্তানৰ সংস্থাটোৰ পৰা তেওঁৰ পত্নীয়ে দৰমহা লৈছিল।

গগৈয়ে কয়, ”মোৰ পত্নীয়ে পোৱা দৰমহাৰ টকা পাকিস্তানৰ টকা নহয়। আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভাৰত আৰু পাকিস্তানৰ এন জি অ’ক দিয়া টকাহে। যেতিয়া মোৰ পত্নী পাকিস্তানত আছিল, তেতিয়া পাকিস্তানৰ এন জি অ’ৰ জৰিয়তে তেওঁৰ একাউণ্টত দৰমহা সোমাইছিল। যেতিয়া মোৰ পত্নী ভাৰতলৈ আহিল, তেতিয়া তাত কাম কৰাৰ বাবদ পাবলগীয়া টকা পাকিস্তানৰ এন জি অটোৱে ভাৰতৰ এন জি অ’ক দিছিল। এন জি অ’টোরে সেই টকা দৰমহা হিচাপে মোৰ পত্নীক দিছিল। মাথোঁ এমাহৰ বাবেহে পাকিস্তানৰ এন জি অ’ৰ টকা মোৰ পত্নীৰ একাউণ্টত সোমাইছিল। যেতিয়া তেওঁ ছিফ্ট হ’ল, তেতিয়া তেওঁৰ দৰমহাও ছিফ্ট হৈছিল। নিৰ্বাচনৰ সময়ত এই সকলো তথ্য মই জমা দিছো।’’

প্রসংগটো সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, ”এতিয়া তেৰ বছৰ আগৰ কথাৰে হিমন্তবিশ্ব শর্মাই পাংচাৰ হোৱা টায়াৰত হাৱা ভৰাবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীৰ হাতত কোনো তথ্য নাই। তেওঁৰ অভিযোগ তথ্যহীন।’’ তেওঁ লগতে ব্যক্ত কৰে যে মুখ্যমন্ত্রীয়ে কথাটো এনেদৰে প্ৰচাৰ কৰিছে যেন পাকিস্তানৰ টকা তেওঁৰ ব্যক্তিগত একাউণ্টত জমা হৈছে। কিন্তু প্রকল্পটো এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ। এই প্রকল্প দক্ষিণ আফ্রিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত চলি আছে। যিদৰে এছিয়ান বেংকৰ প্ৰকল্প অসমত হৈ আছে, তেনেকৈ সেই এন জি অ’ই ভাৰত আৰু পাকিস্তানত কাম কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে।

আপোনাৰ ল’ৰা-ছোৱালীৰ কথাও মই জানো! মুখ্যমন্ত্ৰীক সকিয়নী গৌৰৱ গগৈৰ

মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই সংবাদমেলত সাংসদ গৌৰৱ গগৈৰ দুই নাবালক সন্তানৰ গোপনীয়তা ভংগ কৰাক লৈয়ো সৰৱ হৈ পৰে গৌৰৱ গগৈ। নাবালক সন্তানৰ গোপন তথ্য ৰাজহুৱা কৰা বাবে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ কথাও উল্লেখ কৰে গগৈয়ে। সন্তানৰ নাগৰিকত্ব আৰু ধর্ম সম্পর্কে মুখ্যমন্ত্রীয়ে সংবাদমেলত কৰা মন্তব্যৰ প্ৰসংগক লৈ সংবাদমেলত সৰৱ হৈ পৰা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ‘মুখ্যমন্ত্রী ইমান তললৈ গ’ল যে মোৰ ৫ বছৰীয়া, ৯ বছৰীয়া সন্তানকো টানি আনিছে। মই মুখ্যমন্ত্রীক সকীয়াই দিছো- আপোনাৰ ল’ৰা-ছোৱালীৰ কথাও মই জানো। আপোনাৰ ল’ৰা-ছোৱালীয়ে ক’ত কেনেকৈ থাকে, কি কৰি আছে, সমগ্র গুৱাহাটীৰ ৰাইজে সেইবোৰ কথা জানে। আপোনাৰ সন্তানৰ সেইবোৰ কথা ৰাজহুৱা কৰিবলৈ মোক বাধ্য নকৰাব।’

গৌৰৱ গগৈয়ে আৰু কয়, ‘মোৰ পত্নীয়ে নিজৰ দেশ এৰি ভাৰতত কাম কৰি আছে। মোৰ সন্তানক মোৰ পৰিবাৰেই ডাঙৰ কৰি আছে। ৰাজনৈতিক ব্যক্তি হিচাপে আমি পৰিয়ালৰ পৰা আঁতৰত থাকো। যেতিয়া মোৰ সন্তানৰ বয়স ১৮ বছৰ হ’ব, তেতিয়া তেওঁলোকেই নিজে সিদ্ধান্ত ল’ব তেওঁলোকে কি নাগৰিকত্ব ল’ব।’ নিজৰ ৰাজনৈতিক জীৱনত তৰুণ গগৈৰ নামত দাগ লাগিব পৰা কোনো কাম কৰাৰ কথা ভাবিবই নোৱাৰে বুলিও কয় গগৈয়ে। গগৈয়ে কয়-‘অসমৰ ৰাইজৰ ওপৰতে মই সকলো এৰিছো। ৰাইজে জানে কোন দুর্নীতিগ্রস্ত আৰু কোন কি আদৰ্শৰে চলে। ৰাইজে ২০২৬ত ইয়াৰ উত্তৰ দিব।’

ৰাজনৈতিক পৰিয়ালৰ সন্তান সদায় মাকৰ কোলাতেই লালিত-পালিত হয় বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে নিজেও মাতৃ ডলী গগৈৰ দ্বাৰাই লালিত-পালিত হোৱা বুলি মত প্রকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়- ‘ৰাজনৈতিক নেতাই সন্তানৰ লালন-পালনত সাধাৰণতে সময় দিব নোৱাৰে। মোৰ দেউতা প্রয়াত তৰুণ গগৈয়েও মোৰ শুশ্রুষাত সময় দিব পৰা নাছিল। সদায় মাতৃ ডলী গগৈয়ে মোক ডাঙৰ-দীঘল কৰিলে। তেনেকৈয়ে এতিয়া মোৰ সন্তান দুটিও তেওঁলোকৰ মাতৃ, অর্থাৎ মোৰ পত্নীৰ কাষত থাকিয়েই ডাঙৰ-দীঘল হৈছে।’

ইফালে, মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই তেওঁৰ নাবালক সন্তান দুটিৰ তথ্য ৰাজহুৱা কৰি জুভেনাইল জাষ্টিচ এক্টৰ ৭৪নং ধাৰা উলংঘা কৰিছে আৰু এইক্ষেত্ৰত যাৱতীয় গোচৰ তৰাৰ বাবে তেওঁ আইনী পৰামৰ্শ ল’ব বুলি মত প্রকাশ কৰে। ভাৰতীয় সংবিধান সুৰক্ষাৰ বাবে শপত লোৱা এজন মুখ্যমন্ত্ৰীয়ে শিশুৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰাৰ ভয়ংকৰ অভিযোগ তুলি সাংসদ গৌৰৱ গগৈয়ে আজি তেওঁৰ নাবালক সন্তান দুটিৰ তথ্য ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে শিশুৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা বুলি দাবী কৰে। এইক্ষেত্রত জুভেনাইল জাষ্টিচ এক্টৰ ৭৪নং ধাৰা উলংঘাৰ অভিযোগ কৰে গগৈয়ে।

আনহাতে গৌৰৱ গগৈৰ সন্তান দুটি ব্রিটিছ নাগৰিক হোৱা বাবে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই কৰা সমালোচনাৰো প্রত্যুত্তৰ দিয়ে প্রদেশ কংগ্ৰেছৰ সভাপতিজনে। মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ সন্তান বা পৰিয়ালৰ সদস্যসকল ব্ৰিটিছ নাগৰিক হৈ থকাৰ প্রসংগ আনি গৌৰৱ গগৈয়ে সংবাদমেলত কয়, ”হিমন্তবিশ্ব শৰ্মাৰ ভাগিন ভাৰতীয় নাগৰিক হৈ আছেনে? বিজেপি চৰকাৰৰ কেইবাজনো উচ্চস্তৰৰ মন্ত্রী, শীর্ষস্থানীয় আমোলা, তেওঁলোকৰ সন্তানসকলেও ভাৰতীয় পাৰপত্ৰ ছাৰেণ্ডাৰ কৰিলে। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কি ক’ব?’

আইবি ৰিপ’ৰ্ট পাকিস্তানক মেইলযোগে দিছিল নেকি এলিজাবেথে?

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে আইবিৰ গোপন ৰিপ’ৰ্ট পাকিস্তানক যোগান ধৰা বুলিও অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত সংবাদমেলৰ পিছত কেবাটাও ৰাষ্ট্ৰীয় নিউজ চেনেলত মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ উক্ত অভিযোগ খণ্ডন কৰে গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যি আইবিৰ ৰিপ’ৰ্টৰ কথা উল্লেখ কৰিছে সেয়া কোনো গোপন ৰিপ’ৰ্ট নাছিল। ইণ্ডিয়ান এক্সপ্ৰেছকে ধৰি একাংশ ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পোৱা আইবিৰ ৰিপ’ৰ্টৰ উধৃতিৰেহে এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে তেওঁ কাম কৰি থকা সংস্থাটোৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

গগৈয়ে কয়, ””আন্তঃৰাষ্ট্ৰীয় সংস্থাত কাম কৰিলে বিভিন্ন কামৰ বাবে নিজৰ বিশ্লেষণবোৰ দিবলগীয়া হয়। সেই বিশ্লেষণবোৰ দিওতে তেওঁ কোনো আইবিৰ গোপন তথ্য নহয়, ভাৰতৰ মিডিয়াত প্ৰকাশিত আৰু চৰকাৰে দিয়া তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰিছিল। মুখ্যমন্ত্ৰীয়ে যিটো গোপন ৰিপ’ৰ্টৰ কথা কৈ আছে সেয়া গোপন ৰিপ’ৰ্ট নহয়েই। এছআইটি ৰিপ’ৰ্টত এইবোৰ কথা আছেই।’’

গৌৰৱ গগৈক এছআইটিয়ে এবাৰলৈকো নামাতিলে

মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ এই সংবাদ মেল নহয়, অসমৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ প্ৰতি শ্ৰদ্ধা জনাইহে আজিৰ সংবাদ মেল আয়োজন কৰিছে বুলিও গগৈয়ে মন্তব্য কৰে। প্ৰতিবেদন দাখিল হ’ল যদিও এছআইটিয়ে এবাৰলৈয়ো সোধা-পোছা কৰিবলৈ কিয় নামাতিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এছআইটিয়ে মতা হ’লে নিজেই কাৰ্যালয়লৈ খোজকাঢ়ি গৈ প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰিলেহেতেন বুলিও কয় গগৈয়ে।

প্ৰসংগক্ৰমে গগৈয়ে কয় যে মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্তান আৰু মোৰ দেহত লাচিত বৰফুকনৰ তেজ আছে। তেওঁ কয়, ”মোক আক্ৰমণ কৰক, মই ভয় নকৰো। কিন্তু অসমৰ ৰাইজৰ মাজত বিভেদৰ বীজ সিঁচি সাম্প্ৰদায়িক ৰাজনীতি কৰাতো সহ্য নকৰো। কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজৰ ওপৰত আক্ৰমণ চলোৱাতো কোনোপধ্যেই সহ্য কৰা নহয়।’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলে নিয়মমতে লাভ কৰি অহা আৰক্ষীৰ নিৰাপত্তা তেওঁক কিয় দিয়া হোৱা নাই বুলি প্ৰশ্ন কৰি সভাপতিজনে কয় যে তেওঁৰ জীৱনৰ প্ৰতি আহি পৰা ভাবুকিলৈ চাই শুভকাংক্ষীসকলে তেওঁক ভালকৈ চলা-ফুৰা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

গৌৰৱ গগৈয়ে সংবাদমেলযোগে একাধিক বিষয় স্পষ্ট কৰি দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে পুনৰ নতুন প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাজনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। তক্ষশীলালৈ যোৱা বুলি সংবাদমেলত গগৈয়ে কৰা মন্তব্যৰ আঁত ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে তক্ষশীলা কৰাচীতো নপৰে, ইছলামাবাদতো নপৰে। তক্ষশীলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে। তাত যাবৰ বাবে তক্ষশীলাৰ ভিছাও লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদৰ। তেতিয়া হ’লে তেওঁক ৰাৱালপিণ্ডিলৈ কোনে লৈ গ’ল?

পাকিস্তান আৰ্মিৰ হেড কোৱাৰ্টাৰ ৰাৱালপিণ্ডিত বুলি উল্লেখ কৰি ভিছা অবিহনে গৌৰৱ গগৈক ৰাৱালপিণ্ডিলৈ কোনে লৈ গ’ল বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে। মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ সংবাদমেলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই? ভাবী মুখ্যমন্ত্ৰীৰ মুখেৰে এনেবোৰ কথা ওলায় নেকি যে মই পার্কখন চাব গৈছিলো। বজাৰখন চাব গৈছিলো। এনেকৈ আমি শিশুকো নুবুজাওঁ।’’

বাংলাদেশত মৌলবীক লগ কৰা বুলি কৈ সংবাদমেলত গৌৰৱ গগৈয়ে প্ৰদৰ্শন কৰা ফটো সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ”আজি গৌৰৱ গগৈয়ে সংবাদমেলত যিজন মানুহৰ লগত মোৰ ফটো দেখুৱাইছে, সেইজন মানুহক গৌৰৱ গগৈয়ে মাছখোৱাৰ এজন লোকৰ ঘৰত দুবাৰ লগ কৰিছে।’’ আগতে বহু মৌলানাক লগ ধৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, ”মই হাইলাকান্দিত মৌলানাক লগ ধৰিছো, আজমীৰ শ্বৰীফত গৈছো, বাংলাদেশৰ দৰগাহত গৈছো।’’

গৌৰৱ গগৈৰ দুই নাবালক সন্তানৰ কথা ৰাজহুৱা কৰা বাবে আইনী পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ পিছতে বিষয়টোক নিজৰ মতে নিবলৈকো চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত আইনৰ সবিশেষ কথা উল্লেখ নকৰাকৈয়ে আক্ৰমণৰ লক্ষ্যৰে তেওঁ কয়, ”কোনো পিতৃ-মাতৃয়ে নিজৰ নাবালক সন্তানৰ ধৰ্ম, নাগৰিকত্ব সলাব নোৱাৰে। এই লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হ’ব লাগে। গৌৰৱ গগৈয়ে এই কথা সন্দৰ্ভত যদি গোচৰ ৰুজু কৰে, বহু ভাল হ’ব। আজি ৰাতি গৈ মই গৌৰৱ গগৈৰ বিৰুদ্ধে মোক অপমান কৰা আৰু নাবালক সন্তানৰ ধৰ্ম, নাগৰিকত্ব সলনি কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিম।’’

হঠাৎ সুৰ সলনি বিজেপিৰ নেতা-মন্ত্ৰীৰ

বিগত প্ৰায় এটা বছৰ ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি থকা এটা বিষয় আছিল- গৌৰৱ গগৈৰ পাকিস্তান লিংক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতা-মন্ত্ৰীয়ে ঘনাই উত্থাপন কৰা এই বিষয়টোৱে লাহে লাহে সলনি কৰিছিল সাধাৰণ মানুহৰ চিন্তাধাৰা। প্ৰথমে ১০ ছেপ্টেম্বৰ, তাৰ পিছত জানুৱাৰীৰ শেষ সপ্তাহ আৰু অন্তত ৮ ফেব্ৰুৱাৰী- মুখ্যমন্ত্ৰীয়ে নিজেই বান্ধি দিয়া সময় নিজে সলনি কৰি থাকিলেও মানুহে ভাৱি লৈছিল যে যেতিয়াই মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ৰাজহুৱা কৰিব, তেতিয়াই অসমত আলোড়নৰ সৃষ্টি হ’ব। এগৰাকী সাংসদৰ পাকিস্তান সংযোগৰ এই নজিৰবিহীন সত্য উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনৈতিক পট সম্পূৰ্ণ সলনি কৰিব বুলিও বহুতে ধাৰণা কৰিছিল।

কিন্তু ৮ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰা সেই সংবাদমেলৰ পিছতে যেন নিৰাশ হৈ পৰিল সকলো। গৌৰৱ গগৈয়ে কোৱাৰ দৰে এয়া যেন মুখ্যমন্ত্ৰীৰ ‘ইতিহাসৰ আটাইতকৈ ফ্লপ শ্ব’’ হিচাপেহে পৰিগণিত হ’ল। কোনো স্পষ্ট তথ্য অবিহনে কেৱল অভিযোগৰ দবা পিতি মুখ্যমন্ত্ৰীয়ে অসমবাসীক পতিয়ন নিয়াটো দূৰৰৈ কথা, উপস্থিত সাংবাদিককে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ পতিয়ন নিয়াব নোৱাৰিলে। বৰঞ্চ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাবলৈ গৈ তেওঁৰ কণমানি সন্তানৰ তথ্য ৰাজহুৱা কৰি আইনী পাকচক্ৰৰ হে বলি হ’বলগীয়া হ’ল খোদ মুখ্যমন্ত্ৰী।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ পূৰ্বে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি ধৰি লৈ ঠায়ে ঠায়ে প্ৰতিবাদ আৰম্ভ কৰি দিছিল বিজেপিৰ নেতা-কৰ্মী আৰু সমৰ্থকে। কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তন যাত্ৰা’ৰ সময়ত বটদ্ৰৱাত গৌৰৱ গগৈৰ বাট আগচি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। একেদৰে ৰাজ্যৰ অন্যান্য প্ৰান্ততো হৈছিল গৌৰৱ গগৈ বিৰোধী প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰা দিনটোতো ঠায়ে ঠায়ে প্ৰতিবাদৰ জোৱাৰ উঠিছিল। কিন্তু পিছদিনা গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি সকলো অভিযোগৰ প্ৰত্যুত্তৰ দিয়াৰ পিছত যেন হঠাৎ নিজম পৰিল সকলো।

হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই গৌৰৱ গগৈক লৈ সৰৱ হৈ পৰা পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ দৰে মন্ত্ৰীসকলেও এতিয়া সুৰ সলনি কৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজোৱাৰ চেষ্টাৰ বিপৰীতে এতিয়া তেওঁলোকে লক্ষ্য কৰি লৈছে তেওঁৰ সন্তান দুটিৰ বিদেশী নাগৰিকত্ব আৰু তেওঁলোকৰ ধৰ্মক।

মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ”গৌৰৱ গগৈয়ে সন্তানৰ নাগৰিকত্ব কিয় ভাৰতীয় কৰা নাই? কিয় তেওঁলোকৰ পাছপ’ৰ্টৰ পৰা হিন্দু ধৰ্ম আঁতৰাই খ্ৰীষ্টান কৰা হৈছে সেয়া তেওঁ ৰাজহুৱা কৰিব লাগে। নিজে তিনিবাৰৰ সাংসদ হৈও সন্তানক ভাৰতীয় নাগৰিকত্ব প্ৰদান নকৰা আৰু হিন্দু নকৰোৱা কাৰ্য অসমৰ সভ্যতা, সংস্কৃতিৰ বাবে লজ্জাজনক।’’

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গুৱাহাটীত অনুষ্ঠিত প্ৰতিবাদ সভাত অংশ লৈ কয়, “এছআইটিয়ে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ আছে। কংগ্ৰেছে এতিয়া স্পষ্ট কৰিব লাগিব যে তেওঁলোকে কিয় এজন পাকিস্তানী এজেণ্টক সভাপতি পদত বহুৱাই ৰাখিছে।” শইকীয়াই লগতে কঠোৰ সকীয়নী প্ৰদান কৰি কয় যে “যদি কেন্দ্ৰীয় চৰকাৰে তদন্ত নকৰে তেন্তে অসম চৰকাৰ নিজেই গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰিবলৈ সাজু।”

একেদৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সংস্থাত কাম কৰাৰ ইতিহাস আছে। ৫০ পৃষ্ঠাৰ গোপন প্ৰতিবেদন পঠোৱাৰ প্ৰমাণ আছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন। অসমৰ মানুহে এনে নেতাক গ্ৰহণ কৰিব নোৱাৰে।”

এই সময়ছোৱাত বিজেপিৰ এই আক্ৰমণাত্মক স্থিতিৰ বিপৰীতে বিৰোধী শিবিৰৰ প্ৰতিক্ৰিয়াও যথেষ্ঠ তীব্ৰ হৈ উঠে। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে “যদি গৌৰৱ গগৈ সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট তেন্তে আজিয়েই গ্ৰেপ্তাৰ কৰক। নহ’লে এয়া হিমন্ত বিশ্ব শৰ্মাৰ নাটক। মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে উঠা ভূমি দখলৰ অভিযোগ ঢাকিবলৈ এই নতুন অভিযোগ উত্থাপন কৰিছে।” অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ এই নাটকখনক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ সৈতে তুলনা কৰে।

কংগ্ৰেছ নেতা ৰিপুণ বৰাই এই সমগ্ৰ বিষয়টোক এক ৰাজনৈতিক চাল আখ্যা দি কয় যে “ছয় মাহ ধৰি এছআইটিৰ প্ৰতিবেদন হাতত থকাৰ পিছতো এতিয়া নিৰ্বাচনৰ ঠিক পূৰ্বে সেয়া প্ৰকাশ কৰা হৈছে। যদি ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন তেন্তে কিয় এতিয়ালৈকে কেন্দ্ৰীয় এজেন্সীক দিয়া নহ’ল? এয়া স্পষ্ট ৰাজনৈতিক অভিসন্ধি। গৌৰৱ গগৈৰ ভ্ৰমণত কোনো বেআইনী কাম নাই।” লুৰিণজ্যোতি গগৈয়েও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে “মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ বিৰুদ্ধে উঠা অভিযোগ ঢাকিবলৈ এই নতুন নাটক মঞ্চস্থ কৰিছে।”

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰাইয়ো এই বিতৰ্কক লৈ ব্যক্ত কৰে প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক পাকিস্তান ভ্ৰমণৰ কথা মুখ্যমন্ত্ৰীক মনত পেলাই দি পৱন খেৰাই কয়, ”আজিকালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মানসিক ভাৰাসাম্য হেৰুৱাইছে যেন বোধ হয়। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাক লৈ তেওঁ ইমাৰ সোচ্চাৰ হৈ পৰিছে, অথচ প্ৰধানমন্ত্ৰীৰ আকস্মিক পাকিস্তান ভ্ৰমণক লৈ তেওঁ নিমাত। মুখ্যমন্ত্ৰীজনৰ এনে দ্বৈত চৰিত্ৰ শোভা নাপায়। যিজন আলী তৌকিৰ শ্বেখৰ সৈতে গৌৰৱ গগৈক সংযোগ কৰিব বিচৰা হৈছে, সেইজন আলী তৌকিৰ শ্বেখৰ সৈতে মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত একেলগে কাম কৰিছিল।’

News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0