কোকৰাঝাৰঃ ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  আজি এদিনীয়া ভ্ৰমণ সূচীৰে কোকৰাঝাৰ জিলা পৰিভ্ৰমণ কৰে। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰ ছাই কমপ্লেক্সত অৱতৰণ কৰিয়ে হিমন্ত বিশ্ব শৰ্মা পোনে পোনে দেৱৰগাঁওস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয়।

বিশ্ববিদ্যালয়খনত উপস্থিত হৈয়েই উপাচাৰ্য  হেমন্ত কুমাৰ বৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী আদিকে ধৰি বিশ্ববিদ্যালয়খনত কৰ্মৰত অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

♦ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰ পৰিভ্ৰমণ

♦ বিজ্ঞান মহাবিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী উদ্বোধন

♦ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ বাবে ২৫ কোটি ধাৰ্য

শিক্ষামন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহ উপাচাৰ্যৰ পৰা বুজি লৈ সমাধানৰ আশ্বাস দিয়ে আৰু বডোলেণ্ড বিশ্ববিদ্যালয়ৰ আন্ত:গাথনি উন্নয়নৰ বাবে ২৫ কোটি টকা চৰকাৰে ধাৰ্য কৰাৰ কথা সদৰী কৰে। অহা আগষ্ট মাহৰ ভিতৰতে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ বাবে ধাৰ্যকৃত পুঁজি ২৫ কোটি টকা মোকলাই দিয়াৰ সম্ভাৱনীয়তাৰ কথা সদৰী কৰি হিমন্ত বিশ্ব শৰ্মাই বিটিএডিৰ শৈক্ষিক উন্নয়নৰ বাবে চৰকাৰে অতিৰিক্ত ২৫ কোটি আগবঢ়াব বুলিও ঘোষণা কৰে।

মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহে বায়মেট্ৰিক পদ্ধতি কাৰ্যকাৰী নকৰিলে দৰমহাই লাভ নকৰিব বুলি স্পষ্ট কৰি দি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো বিদ্যালয়ৰ "এছেচমেণ্ট'' কৰা হ'ব বুলি সদৰী কৰিছে। যিবোৰ বিদ্যালয়ত শিক্ষক থাকিব লাগে তাত শিক্ষক নাই আৰু কিছুমান বিদ্যালয়ত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে বুলি মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাই  ৰেচলাইজেচন কৰা হ'ব বুলিও জনায়।

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শনৰ অন্তত বিবি অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন কৰি সমস্যাৰ বুজ লৈ  সমাধানৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত উপস্থিত হৈ নৱনিৰ্মিত আৰএফআইডি পদ্ধতি থকা ডিজিটেল লাইব্ৰেৰী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰএন সিনহা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত লাইব্ৰেৰী উদ্বোধন কাৰ্যসূচীত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰে।

ডিজিটেল লাইব্ৰেৰী উদ্বোধন কাৰ্যসূচীৰ পিছতে বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতে বিজেপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয় য'ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  বিজেপিৰ ৰাজ্যিক সভাপতি  ৰঞ্জিত দাস, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক শিৱনাথ ব্ৰহ্ম,  সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপৰিও বিটিএডিৰ চাৰিওখন জিলাৰ মণ্ডল সভাপতি, ৰাজ্যিক কাৰ্যনিৰ্বাহক উপৰিও বহু দলীয় কৰ্মী উপস্থিত থাকে।

উক্ত সাংগঠনিক সভাতে বিজেপিয়ে বিটিএডি এলেকাত সাংগঠনিক স্থিতি মজবুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিজেপিৰ পৰা এগৰাকী নিৰ্বাচিত প্ৰতিনিধিক বিটিচিৰ বিধান পৰিষদত কাৰ্যবাহী সদস্য পদ দিয়াৰ বাবে বিটিচি হাগ্ৰামা মহিলাৰীৰ সতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দলীয় সভাৰ অন্তত বিজেপিয়ে বিপিএফৰ সতে বডোলেণ্ড অতিথিশালাত অানুষ্ঠানিকভাৱে এক মৈত্ৰীসভা অনুষ্ঠিত কৰে য'ত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,  মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ আন নেতা কৰ্মীসকল উপস্থিত থাকে। সভাখনত বিপিএফ দলৰ পৰা সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক চন্দন ব্ৰহ্মকে ধৰি বিপিএফৰ আন একাংশ নেতয়ো অংশগ্ৰহণ কৰে। উক্ত সভাতে আনুষ্ঠানিকভাৱে বিজেপিয়ে বিটিচি বিধান পৰিষদত বিজেপিৰ পৰা ধৰ্ম নাৰায়ণ দাসক কাৰ্যবাহী সদস্যৰ পদ দিবলৈ দাবী উত্থাপন কৰে।

আনহাতে মৈত্ৰী সভাৰ অন্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ সতে বিজেপিয়ে  মিত্ৰতাৰ সম্পৰ্ক অধিক গাঢ় কৰি তুলিবলৈকে কাৰ্যবাহী সদস্য তথা ভিচিডিচিত পদ বিচৰা বুলি জানিবলৈ দি দলীয় পৰ্যায়ত আলোচনা মৰ্মে এই সম্পৰ্কত  পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে পিএমজিওৱাইৰ অধীনত দুখীয়াক ঘৰ দিয়াৰ নামত ৫০০০ টকাৰ পৰা ১০০০০ টকা পৰ্যন্ত লয় বুলি দাবী কৰি এই সন্দৰ্ভত ৰাজ্যিক নেতৃবৰ্গক ব্যৱস্থা লবলৈ আহ্বান জনায়। তথ্য প্ৰমাণ মজুত থকা বুলি সভাতে দাবী কৰি মহিলাৰীয়ে প্ৰয়োজনবশত তেনে দুখীয়া লোকক ৰাজ্যিক নেতৃবৰ্গৰ আগত হাজিৰ কৰাবলৈ সাজু বুলি মন্তব্য কৰাত নিৰুপায় হৈ পৰে ৰাজ্যিক বিজেপি।

এই অভিযোগৰ কিছু সময় পিছতে এক বিবৃতিযোগে বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিয়ে সেয়া সম্পূৰ্ণৰূপে নাকচ কৰে। হাগ্ৰামাৰ উক্ত অভিযোগক ভিত্তিহীন আখ্যা দি এয়া কোনো তৃতীয় শক্তিৰ ষড়যন্ত্ৰ আখ্যা দিয়ে দলটোৰ জিলা সমিতিয়ে। যদিহে কোনোৱে তথ্য প্ৰমাণ সহকাৰে তেনে নেতা-কৰ্মীক চিনাক্ত কৰিব পাৰে তেন্তে লগে লগে উক্ত নেতা-কৰ্মীৰ বিৰুদ্ধে দলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে দলটোৱে।