জোৰ কৰি ভাষা জাপি দিয়াটো অন্যায়

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলত হিন্দী বাধ্যতামূলক কৰাৰ বক্তব্যৰ সৰ্বত্ৰ প্ৰতিবাদ

গুৱাহাটী,০৯ এপ্ৰিল: উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে দশম শ্ৰেণীলৈ হিন্দী বাধ্যতামূলক কৰাৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰাৰ পিছত ব্যাপক প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ৷সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় সংগঠনে এই ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে৷কিয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ঘোষণা?বহুতে ভৱাৰ দৰেই হিন্দী ৰাষ্ট্ৰীয় ভাষা হয় জানো?প্ৰকৃততে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়৷এই বিষয়ে অধিবক্তা মৃদুল বৰ্মনৰ বক্তব্য৷

“ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ৰাজ্যসমুহে কি ভাষা চৰকাৰীভাবে ব্যৱহাৰ কৰিব সেয়া ৰাজ্যখনৰ ওপৰত নিৰ্ভৰ কৰে ৷ আনকি অষ্টম অনুসুচীত নথকা ভাষাওঁ ব্যৱহাৰ কৰিব পাৰে ৷যেনে মিজো ভাষা মিজোৰামত চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰে ৷

আনকি সুৰেশ কাচ্চাদিয়া নামৰ ব্যক্তিজনে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকলো বস্তুৰ দাম, নিৰ্মাণত ব্যৱহাৰ সামগ্ৰী নিৰ্মাণৰ দিন আদি হিন্দী ভাষাত লিখিৱলৈ নিৰ্দেশ দিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন(PIL) দাখিল কৰিছিল ৷ কিন্তু কোৰ্টে PIL খাৰিজ কৰিছিল ৷

তেনে ক্ষেত্ৰত এটা চৰকাৰী ভাষা যি ৰাজ্যখনৰ মুখ্যভাষা নহয় তাক দশম শ্ৰেনীলৈ বাধ্যতামূলক কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে ৷

ভাষালৈ সচেতন ৰাইজে চৰকাৰী এই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষলৈ যোৱাটো উচিত বুলি ভাৱো ৷

অসমত অসমীয়া, পশ্চিম বংগত বঙালী, উত্তৰ প্ৰদেশত হিন্দী......আদি বাধ্যতামুলক কৰিলে ব্যক্তিগত ভাবে আপত্তি নাছিল ৷ কিন্তু উত্তৰ ভাৰতত বহুল ভাবে প্ৰচলিত বাবেই হিন্দীক হিন্দীৰ সীমাবদ্ধ প্ৰচলন থকা উত্তৰ পূৰ্বাঞ্চল বা দক্ষিন ভাৰতত ইয়াক বাধ্যতামুলক কৰাটোৰ তীব্ৰ বিৰোধতা কৰিছো৷“