অগপ কাৰ্যালয়ত বিজেপিৰ তিনি শীর্ষ নেতা, চূড়ান্ত হ'ব আসনৰ ভাগ-বাটোৱাৰা

 | by NNO Digital Staff  |  0
Printer-friendly version

গুৱাহাটীঃ অগপ নেতৃত্বই মূল প্ৰৱেশ দ্বাৰৰপৰা আগবঢ়াই আনে বিজেপি তিনি শীর্ষ নেতাক।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং একেখন গাড়ীৰে অহাৰ বিপৰীতে বিজেপি সভাপতি ৰঞ্জিত দাস আহে অকলে। দলটোৰ লগত কামাখ্যা প্ৰসাদ তাছাও আহে অগপৰ মুখ্য কাৰ্যালয়লৈ৷ 

অগপৰ হৈ কাৰ্যালয়ত উপস্থিত থাকে কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া। অগপ বিধায়নী দলৰ সকলো সদস্যৰ উপৰিও কাৰ্যালয়ত উপস্থিত আছিল তিনি অগপ মন্ত্ৰী।

মিত্ৰতা পাছত প্ৰথমবাৰৰ োবে আমবাৰীত উপস্থিতি হৈছেহি বিজেপিৰ নেতৃত্ব। অগপ দলৰ সভাপতি অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশৱ মহন্তৰ উপৰিও আছে দলটোৰ বিধায়নী দলৰ সদস্যসকল। 

বৰ্তমান দুয়োটা দলৰ মাজত আৰম্ভ হৈছে বৈঠক। আজি বৈঠকত দুয়োটাৰ দলে চূড়ান্ত কৰিব কোন কোন সমষ্টিত কোন দলে প্ৰাৰ্থী থিয় কৰাব।