♦ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অগপ-বিজেপিৰ যৌথ সংবাদমেল

গুৱাহাটীঃ অগপ-বিজেপিৰ পুনৰ্মিত্ৰতাৰ পাছত দলদুটাই দুয়োৰে মাজত থকা সনা-পিটিকা প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে। বৃহস্পতিবাৰে বিজেপিৰ নেতাসকল দলে-বলে গৈ অগপৰ কাৰ্যালয়ত আলোচনা কৰাৰ পাছত আজি অগপৰ নেতৃত্ব পায়গৈ বিজেপিৰ কাৰ্যালয়। 

অকল সিমানেই নহয়, দুয়োটা দলে এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে। এই সংবাদমেলত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰণজিৎ দাসে অগপ আৰু বিজেপিৰ এই মিত্ৰতাক ৰামধেনু সদৃশ বুলি মন্তব্য কৰে। দুয়োটা দলৰ মাজত আগন্তুক নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰা কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সৈতে হ’বলগীয়া আলোচনাৰ পাছত চূড়ান্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

'নেডা’ৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বিজেপিৰ মিত্ৰ দলসমূহৰ মাজত থকা উমৈহতীয়া লক্ষ্যসমূহ নিৰ্ধাৰণ কৰি ৰাইজৰ ওচৰলৈ লৈ যোৱা হ’ব।

এই সংবাদমেলৰ মূল উদ্দেশ্যৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে 'আমি পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীকেই যে বিচাৰোঁ, সেয়া আমাৰ উমৈহতীয়া আকাংক্ষা।’

বিজেপিৰ কাৰ্যালয়ত অগপৰ সংবাদমেল পতাক লৈ অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। নীতি-আদৰ্শহীন এই মিত্ৰতাৰ চেলু লৈ বিজেপিয়ে অগপৰ লুভীয়া নেতৃত্বক নচুৱাই আছে বুলি বুবু-বাবা চলিছে। আসন লাভৰ আশাত অগপ নেতৃত্ব আৰু কিমান তললৈ নামিব পাৰিব বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।