গুৱাহাটীঃ অসম চুক্তি সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিয়া তথ্যৰ সত্যতা নাই৷ এই কথা সদৰা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷

তেওঁৰ অভিযোগ, ৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিল, সেই সময়ত অগণতান্ত্ৰিক চৰকাৰ চলাইছিল কংগ্ৰেছে৷ এক সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই। 

তৰুণ গগৈৰ হাতত অভিযোগৰ প্ৰমাণ আছে, তেন্তে এই প্ৰমাণ তেওঁক দাঙি ধৰিবলৈও প্ৰত্যাহ্বান জনায়৷ মহন্তই অভিযোগ কৰে যে কংগ্ৰেছে অসম আন্দোলনৰ সমাপ্তি বিচৰা নাছিল৷ কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দলৰ বাবেই ১৯৭১ চন ভিত্তিবৰ্ষ কৰা হ’ল৷ ইন্দিৰা গান্ধীয়েও ভিত্তিবৰ্ষ ১৯৭১ চন কৰাৰ বাবে হেঁচা দিছিল বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই।