গুৱাহাটীঃ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতিবাদী আন্দোলন ভৰিৰে মোহাৰি বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ যি অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল তাত বিফল হোৱাৰ পাছতো পুনৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বীৰদপে অসমৰ মাটিতে ঘোষণা কৰিছিল যে ২০১৯ত তেওঁলোকৰ চৰকাৰ হ’লে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি গৃহীত কৰিব।
ইয়াৰ পাছতো কেৱল ব্যক্তিগত স্বাৰ্থ আৰু সুবিধাবাদী ৰাজনীতিৰ আশ্ৰয় লৈ অগপৰ শীৰ্ষ নেতৃত্বই কেৱল ক্ষমতাৰ স্বাৰ্থতে যি পুনৰ মিত্ৰতাৰ সিদ্ধান্ত ল’লে ইয়াৰপৰা প্ৰমাণিত হ’ল যে তেওঁলোকে কেৱল ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে। এই ভষ্য খিলঞ্জীয়াৰ হৈ মৈত মৈতি অহা তথা আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টত হ’বলগীয়া নিৰ্দলীয় প্ৰাৰ্থী উপমণ্যু হাজৰিকাৰ।।