newsnextone.com | লংকাঃ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সন্ত্ৰাসে এতিয়া অসম চুইছে৷ কিছুদিন পূৰ্বে অসমৰ যমুনামুখৰ কামৰুজ জামান নামৰ এজন যুৱক হিজবুল মুজাহিদীনত যোগদান কৰাৰ বাতৰি ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে নগাওঁ হোজাইৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে৷ সন্ত্ৰাসবাদী সংগঠনটোত অসমৰ আন আন যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো সন্দেহজনক যুৱকক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে, হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক জোতিৰঞ্জন নাথে শনিবাৰে নিশা ওমৰ ফাৰুকৰ লগতে স্বেহনেৱাজ আলম, ছহিদুল আলম আৰু ছাইফুল ইছলাম নামৰ ৪ জন যুৱকক আটক কৰি ডবকা আৰক্ষী থানাত তীব্ৰ জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, ছাইফুল ইছলাম কামৰুজ জামানৰ ভাতৃ৷

জিলাখনত হিজবুল মুজাহিদীনৰ কাণ্ডৰ অনুসন্ধান চলাই থকা তদন্তকাৰী বিষয়া হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক জোতিৰঞ্জন নাথে সমগ্ৰ ঘটনা তদন্ত কৰি থকা বুলি জানিব দি কামৰুজ জামানে হিজবুল মুজাহিদীন যোগদান কৰি ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল কৰাৰ পিছতো বিশেষ তৎপৰতা পৰিদৰ্শন কৰিব নোৱাৰা ক্ষেত্ৰত ব্যৰ্থতা স্বীকাৰ কৰে৷

আনহাতে, কমৰুজ জামানে আগষ্ট মাহত ভ্ৰমণ কৰা কালত যমুনামুখ আৰক্ষী থানাৰ কাষতে মছজিদত নামাজ পঢ়ি যোৱাৰ তথ্যই অসম আৰক্ষীৰ ফোপলা স্বৰূপ উন্মোচিত কৰিছে৷