মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এটা লম্পটৰ কামনাৰ বলি হৈ আঁঠ মাহৰ গৰ্ভৱতী হোৱা এগৰাকী নাবালিকাই ন্যায় বিচাৰি দ্বাৰস্থ হৈছে আৰক্ষীৰ। ইফালে, অবৈধ সন্তানৰ বোজা কঢ়িয়াই লৈ ফুৰা নাবালিকাগৰাকীৰ পৰিয়ালক ৰাইজে সমাজচ্যুত কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। 

সমাজত এনে কাণ্ড যাতে পুনৰ কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নাবালিকা গৰাকীৰ পৰিয়ালক সমাজচ্যুত কৰা বুলি একাংশ মাতব্বৰে মন্তব্য কৰে। ঘটনা সংক্ৰান্তত জানিব পৰা মতে, হোজাইৰ জয়নগৰৰ সমীপৱৰ্তী শিংঙিৰপাৰৰ কামাল উদ্দিন নামৰ দৰিদ্ৰ লোকজনৰ মাটি বাৰী নথকাত স্থানীয় ৰফিক উদ্দিনৰ ঘৰত ৰায়ত হিচাপে থাকে। দীৰ্ঘদিনৰপৰা ৰফিক উদ্দিনৰ ঘৰতে ৰায়ত হিচাপে বাস পৰি আছিল কামাল উদ্দিন। লগত আছিল দ্বিতীয় পত্নীৰ উপৰিও নিজৰ প্ৰথমা পত্নীৰ ১৪ বছৰীয়া এগৰাকী কন্যা সন্তান। 

কামাল উদ্দিনে হাজিৰা কাম কৰে বাবে প্ৰায়েই বাহিৰতে থাকিবলগীয়া হয়। কেইদিনমান পূৰ্বে কামাল উদ্দিন ঘৰলৈ আহি নিজৰ প্ৰথমা পত্নীৰ ১৪ বছৰীয়া নাবালিকা কন্যাজনীৰ শাৰীৰিক লক্ষণ দেখি আচৰিত হৈ পৰে আৰু চিকিৎসকৰ উচৰলৈ লৈ যায়। চিকিৎসকে নাবালিকাজনী আঠ মাহৰ গৰ্ভৱতী বুলি জানিবলৈ দিয়াত মূৰৰ ওপৰত সৰগ ভাগি পৰে পৰিয়ালটিৰ।

বহু সোধপোছৰ অন্তত নাবালিকাগৰাকীয়ে স্বীকাৰ কৰে যে গাঁৱখনৰে হবিবুৰ ৰহমানৰ পুত্ৰৰ লগত থকা অবৈধ সম্পৰ্কৰ ফলতে এই কাণ্ড সংঘটিত হৈছে। উক্ত কিশোৰজনে দীৰ্ঘদিন ধৰি নাবালিকাগৰাকীক ফুচলাই অসৎ কাৰ্য চৰিতাৰ্থ কৰি আহিছিল বুলি মাতৃহাৰা নাবালিকা গৰাকীয়ে অভিযোগ কৰাত পিতৃ কামাল উদ্দিনে ঘটনা সংক্ৰান্তত সেই কিশোৰজনক অভিযুক্ত কৰি মোৰাঝাৰ থানাত এটা গোচৰ তৰে।

মোৰাঝাৰ আৰক্ষীয়ে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আদালতত হাজিৰ কৰি জৱানবন্দী লিপিৱদ্ধ কৰায় আৰু তদন্ত আৰম্ভ কৰে। ইফালে, এই ঘটনাৰ অভিযুক্ত কিশোৰজন সদ্যসমাপ্ত মেট্ৰিক পৰীক্ষাৰ পৰিক্ষাৰ্থী আছিল। আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে একাংশ মাতব্বৰে এই ঘটনাক গাপ দিবলৈ অভিযুক্ত কিশোৰজনক দুই লাখ টকা দাবী কৰে। লগতে গাঁৱৰ ৰাইজে এই অবৈধ কাৰ্যৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালক সমাজৰপৰা বহিষ্কাৰ কৰি এঘৰীয়া কৰে বুলি পৰিয়ালটিয়ে জানিবলৈ দিয়ে।

অভিযুক্ত কিশোৰ ছাত্ৰজনে এই ঘটনা ষড়যন্ত্ৰমূলক আৰু এই ঘটনাত কোনোপধ্যে তেওঁ জড়িত নহয় বুলি কৈ প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিবলৈহে সমস্ত দোষ তেওঁৰ ওপৰত জাপি দিয়া বুলি প্ৰতিঅভিযোগ কৰে। কিশোৰজনে এই সন্তানৰ পিতৃ তেওঁ নহয় বুলি দাবী কৰি যিকোনো মেডিকেল পৰীক্ষাৰ বাবে প্ৰস্তুত বুলি মন্তব্য কৰে। লগতে আদালতত কিশোৰজনে আত্মসমৰ্পন কৰিব বুলিও জনায়। ৰাইজৰ নানা ককৰ্থনা আৰু এই গুৰুতৰ অভিযোগৰ বাবে হিতাহিত জ্ঞান হেৰুৱাই কিশোৰজনে কালি বহুকেইটা নিচা যুক্ত দৰব সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰে যদিও পৰিয়ালৰ লোকৰ সহযোগত কোনো অঘটন নঘটে। 

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনা সংক্ৰান্তত ইতিমধ্যে বহুকেইজনৰ জৱানবন্দী গ্ৰহণ কৰিছে। আৰক্ষীৰ তদন্তৰ সময়তে অঞ্চলজুৰি সৃষ্টি হৈছে আন এক বিতৰ্ক। একাংশ ৰাইজে এই সন্দৰ্ভত অভিযোগ কৰি কয় যে কিশোৰীগৰাকী ৰায়ত হিচাপে থকা গৰাকীহে এই জঘন্য কাণ্ডত জড়িত। কিশোৰীগৰাকীক ভাবুকি দি আনৰ নাম কোৱাত বাধ্য কৰোৱা হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। কিশোৰীগৰাকীয়ে বসবাস কৰা ঘৰৰ ৰফিক উদ্দিন, ৰহিম উদ্দিন, ফখৰুল ইছলামৰ কোনোবা এজন এই ঘটনাত জড়িত বুলি ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইফালে ৰফিক উদ্দিন সম্প্ৰতি পলাতক হৈ আছে বুলিও জানিব পৰা গৈছে।

একাংশ মাতব্বৰে এই ঘটনা মীমাংসা কৰি দিবলৈ বৃহৎ পৰিমানৰ ধন দাবী কৰিছে অভিযুক্তক। আন একাংশই ধনৰ বিনিময়ত আনক এই ঘটনাত জড়িত কৰাৰ চেষ্টা কৰিছে। কাৰ বাবে নাবালিকাগৰাকীয়ে আজি আঠ মাহৰ অবৈধ সন্তান কঢ়িয়াই লৈ ফুৰিছে সেয়া এতিয়াও ৰহস্যজনক। কোন জড়িত এই কু-কৰ্মত।

কিশোৰীগৰাকীয়ে এজনক অভিযুক্ত কৰিছে যদিও এই ঘটনাৰ প্ৰকৃত দোষী আন বুলিহে চৰ্চিত হৈছে। আৰক্ষীৰ উপযুক্ত তদন্তত প্ৰকৃত ৰহস্য উন্মোচিত হ’ব। আৰক্ষীৰ তদন্তৰ আওতাত মুল অভিযুক্ত হবিবুৰ ৰহমানৰ নাবালিকা পুত্ৰৰ লগতে ৰফিক উদ্দিন, ৰহিম উদ্দিন আৰু ফখৰুল ইছলামক আনিলে সমগ্ৰ ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। নাবালিকা গৰাকীৰ পিতৃৰ ভূমিকাৰ ওপৰতো ৰহস্যৰ সৃষ্টি হৈছে। প্ৰকৃত ঘটনা যাতে উদ্ঘাটন নহয় তাৰ বাবে ভুক্তভোগী নাবালিকা গৰাকীক সকলোৰ পৰা লুকুৱাই ৰাখি একাংশ মাতব্বৰৰ লগত মিলি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। আৰক্ষীয়ে তদন্তমৰ্মে প্ৰকৃত দোষীক চিনাক্ত কৰিবলৈ ৰাইজ আৰু একাংশ ছাত্ৰ সংগঠনে দাবী জনাইছে।