ডিজিটেল ডেস্কঃ EVM-ৰ অৰ্থ হৈছে ‘Each vote for modi’ অৰ্থাৎ ‘প্ৰত্যেকটো ভোট মোডীৰ বাবেই’৷ EVM-ৰ এই নতুন অৰ্থ বিশ্লেষণ কৰিছে গুজৰাটৰ গৃহমন্ত্ৰী প্ৰদীপ সিংহ জাডেজাই৷ জাডেজাই জানিবলৈ দিয়া মতে, গুজৰাটৰ জনসাধাৰণে EVM-ৰ অৰ্থ এনেকৈয়ে বুজি পায় কাৰণ তেওঁলোকে মাত্ৰ বিজেপিকহে ভোটদান সাব্যস্ত কৰে৷
বিজেপিৰ প্ৰতি গুজৰাটৰ জনসাধাৰণ এনেদৰে মোহিত যে তেওঁলোকে দেশত আন বিৰোধী দল আছে বুলি ভাবিবই নোৱাৰে৷ দেশত ইলেক্ট্ৰনিক ভোটিং মেচিনকলৈ বিৰোধী দল সমূহে বিতৰ্কৰ সূত্ৰপাত ঘটাই অহাৰ সময়তেই জাডেজাই ইভিএমৰ নতুন অৰ্থৰ উলিয়াই৷ গুজৰাটৰ ভোটদাতা সকলক নিৰ্বাচন আয়োগ আৰু সূচনা আৰু প্ৰসাৰণ বিভাগে বিজেপি দলৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে ৰাজনীতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰি তোলাৰ ক্ষেত্ৰত প্ৰদীপ সিং জাডেজাই ধন্যবাদ জনাই৷
তদুপৰি জাডেজাই সোমবাৰে বিধানসভাত সূচনা আৰু প্ৰসাৰণ বিভাগৰ ১২৬ কোটি টকাৰ দাবীৰ বিষয়টোও উত্থাপন কৰে৷ যি সময়ত দেশ-বিদেশৰ লোকসকলে গুজৰাটৰ বদনাম ৰতি আছে সেই সময়চোৱাত সূচনা বিভাগে সকলো ৰাজনৈতিক ক্ষেত্ৰতে বিকাশৰ বাবে কাম কৰি আহিছে বুলি কয় জাডেজাই৷ আনহাতে গুজৰাটক শীৰ্ষ ৰাজ্যত অধিষ্ঠিত কৰি তোলাৰ ক্ষেত্ৰত সূচনা বিভাগেই মুখ্য ভূমিকা পালন কৰি আহিছে৷
জাডেজাই বৰ্তমান কলিযুগত মানুহ কেৱল ভাল হোৱাটোৱেই যথেষ্ট নহয় বুলি কৈ ভাল কাম কৰি সাধাৰণ জনতাকো ভাল কামৰ প্ৰতি আগ্ৰহী কৰি তোলাটোহে ভাল মানুহৰ উদ্দেশ্য হোৱা বুলি মন্তব্য কৰে প্ৰদীপ সিং জাডেজাই৷ ইয়াৰোপৰি জাডেজাই কংগ্ৰেছক বিৰোধীতা কৰি কয়, কংগ্ৰেছৰ নেতা সকলে কেৱল মন্দিৰলৈ গৈ ফটো তুলিবহে জানে৷ জনতাই ইতিমধ্যে বুজি উঠিছে কংগ্ৰেছ আৰু বিজেপিৰ বিষয়ে৷ কোন ভাল, কোন বেয়া, কোন সঁচা, কোন মিছা৷ জনতাই এই কাৰণবোৰ বুজি উঠাৰ বাবেই ২২ বছৰে বিজেপি দলক শাসনৰ গাদীত বহুৱাই ৰাখিছে৷