ডিজিটেল ডেস্কঃ বাথৰুমত প্ৰৱেশ কৰিলে যুৱতীগৰাকীয়ে। সমুখত থকা টেপটো খুলিলে। হাতত এখন টাৱেল। ইয়াৰ পিছতে এপদ এপদকৈ সকলো বস্ত্ৰ খুলিবলৈ আৰম্ভ কৰিলে।
সকলো বস্ত্ৰ খোলা হোৱাৰ পিছত টাৱেলখন গাত মেৰিয়াই ল’লে। টাৱেল মেৰিয়াই ল’লেও উন্মুক্ত হৈ আছে পশ্চাদভাগ। আৰু এই সকলোবোৰ ৰেকৰ্ড হৈছে গোপন কেমেৰাত।
ইউটিউবত অতিকমেও আঢ়ৈ কোটি ভিউৱাৰ্ছে এই ভিডিঅ’টো চাইছে। সকলোৰে মনত এটা প্ৰশ্ন, ইয়াৰ পিছত কি হ’ব? সেই সময়ো আহিল। গোপন কেমেৰাত ধৰা ভৰিল যুৱতীগৰাকীৰ উন্মুক্ত দুভৰি।
এতিয়া স্নানৰ বাবে সাজু যুৱতীগৰাকী। গোপন কেমেৰাত ধৰা পৰিছে পানীৰ শব্দ। কিন্তু, হঠাৎ কেমেৰাৰ ফালে মুখ ঘূৰালে যুৱতীগৰাকীয়ে। পিছে দুচকুত নাই কোনো ভয়-সংশয়। গোপন কেমেৰা দেখাৰ পিছতো মুখত হাঁহি বিদ্যামান।
'কি ভাবিছিল আপোনালোকে? নিশ্চয় বেয়াকৈয়ে ভাবিছিল? ওহো এয়া MMS নহয়। পানী নষ্ট হৈছে। পানী প্ৰাণীৰ প্ৰাণ। সেয়ে অবাবত পানী নষ্ট নকৰিব।’- পানী ওলাই থকা টেপ বন্ধ কৰি মিঠা মাতেৰে ক’লে যুৱতীগৰাকীয়ে।
প্ৰকৃততে এয়া হৈছে পৃথিৱীৰ অমূল্য সম্পদ পানী সংৰক্ষণ সম্পৰ্কে এটি সচেতনতামূলক ভিডিঅ’। এই ভিডিঅ’টো নিৰ্মাণ কৰিছে Prank Ville-এ। নতুন এক পৰিকল্পনাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পদক্ষেপ হাতত লোৱা বুলি জনাইছে সংস্থাটোৱে।