ডিজিটেল ডেস্কঃ চহৰ, নগৰ, গাঁও সকলোতে জনপ্ৰিয় হৈ উঠা ছচিয়েল মিডিয়া ফেচবুকৰ ২০১৭ বৰ্ষৰ প্ৰথম ৪ মাহতে অভাৱনীয় মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে। প্ৰথম কোৱাৰ্টাৰতে ৫১ হাজাৰ কোটি টকাৰ ৰাজহ লাভ কৰা ফেচবুকৰ মুনাফা হৈছে ১৯ হাজাৰ ২০০ কোটি টকা।

বিগত বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰৰ মুনাফাতকৈ এই পৰিমাণ ৪৯ শতাংশ বেছি। ইয়াৰে ৮৫ শতাংশ ৰাজহ আহিছে ম’বাইল বিজ্ঞাপনৰ যোগেদি।

তদুপৰি ফেচবুকৰ ইউজাৰৰ সংখ্যাও বাঢ়িছে। মাহিলী সক্ৰিয় ইউজাৰৰ সংখ্যা ১৯৪ কোটি হৈছে। বিগত বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত ইউজাৰৰ সংখ্যা ১৮৬ কোটি আছিল। 

উল্লেখ্য যে ২০১৭ বৰ্ষৰ মাৰ্চ মাহত শেষ হোৱা কোৱাৰ্টাৰত দৈনিক সক্ৰিয় ইউজাৰ ১২৮ কোটি আছিল। ইউজাৰৰ সংখ্যা বৃদ্ধিৰ হাৰ হৈছে ৪.৩ শতাংশ যিটো বিগত বৰ্ষত ৩.৯১ আছিল।