গুৱাহাটীঃ  আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ দিবস উপলক্ষে আজি ইন্টাৰনেচনেল হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ গুৱাহাটী শাখাৰ উদোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ৷
মহানগৰীৰ বেলতলাৰ চাৰ্ভেস্হিত ড্ৰীমছ ক্ৰীয়েছনত উক্ত অনুষ্ঠানত উপস্থিত থাকি মানৱাধিকাৰ সন্দৰ্ভত ভাষন ৰাখে হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ ৰাজ্যিক সম্পাদক মইনুল হুচেইনে৷ উক্ত অনুষ্ঠানৰ মুখ্যসহযোগী HealthDNA ৰ হৈ বক্তব্য ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰজেক্ট হেড মনালিছা গগৈয়ে ৷

ড্ৰীমচ ক্ৰিয়েচনৰ অধ্যক্ষা ডক্টৰ পাৰুমিতা চক্ৰৱৰ্তীয়ে HealthDNA আৰু ই্ন্টাৰনেশ্যনেল হিউমেন ৰাইটছ এ্ণ্টি ক্ৰাইম অৰ্গেনাইজেশ্যনৰ এই পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত মুম্বাইৰ নানাৱতী হস্পিতেলৰ ডাক্তৰ সুনীল ডালৱায়ে শিশু আৰু মানসিক স্বাস্থ্যৰ ওপৰত বক্তব্য ৰাখে ৷ অনুষ্ঠানটোত হিউমেন ৰাইটচৰ হৈ ৰাজ্যিক সভাপতি শশাংক ভৰত,কামৰূপ জিলাৰ সভাপতি পুৰুষোত্তম বানচাল, HealthDNA ৰ হৈ পূজন শইকীয়া, ধীৰু গগৈ উপস্থিত থকা বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে সংগঠনৰ প্ৰচাৰ সচিব যোগেশ মজুমদাৰে ৷