newsnextone.com | কোকৰাঝাৰঃ বৃহস্পতিবাৰে ইউনাইটেট পিপুলচ পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পিএলৰ উদ্যোগত বিটিএডিৰ চাৰি খন জিলাত ভূমিৰ পট্টা দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অধিকাৰ আইন ২০০৬ৰ অধীনত জনজাতি আৰু পৰম্পাৰাগত বাসিন্দাসকলক ভূমিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷

দলটোৰ কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত তথা কোকৰাঝাৰ শিশু উদ্যানত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ২০০৬ চনৰ পূৰ্বৰ পৰাই বনাঞ্চলত বসহাস কৰা জনজাতি আৰু পৰম্পৰাগত ভাৱে জীৱন যাপন কৰি থকা বনাঞ্চলৰ বাসিন্দাসকলক বন অধিকাৰ আইন ২০০৬ আইনৰ জৰিয়তে শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে৷ 

ইউ পি পি এল দলৰ সভাপতি তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৰ নেতৃত্বত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ অন্তত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে অকল কোকৰাঝাৰ জিলাতে তথা হল্টুগাঁও বন সংমণ্ডলৰ অধীনত ১১২০১ জনজাতি আৰু ২০৮৯ অন্য বনাঞ্চলবাসীয়ে অৰ্থাৎ মুঠ ১৩২৯০ গৰাকী নাগৰিকে বন অধিকাৰ আইনৰ অধীনত ভূমিৰ অধিকাৰ তথা মাটিৰ পট্টা বিচাৰি আবেদন কৰিছে। 

অৱশ্যে অলপতে প্ৰাক্তন বনমন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কেৱল ১৫২জন জনজাতি লোকক মাটিৰ পট্টা প্ৰদান কৰিছে গৰিষ্ঠ সংখ্যকে বঞ্চিত হৈ আছে বুলি সদৰি কৰি উৰ্খাও গৌৰা ব্ৰহ্মই ২০০৬ চনৰ পূৰ্বৰে পৰা বনাঞ্চলত জীৱন নিৰ্বাহ কৰি অহা নাগৰিকসকলক মাটিৰ পট্টা দিবলৈ দাবী উত্থাপন কৰে। 

কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰা বন অধিকাৰ আইন ২০০৬ আইনৰ অধীনত নাগৰিকসকলক শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰা দাবীৰে কোকৰাঝাৰ জিলা উপায়ুক্ত জৰিয়তে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে৷