newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অনশন প্ৰত্যাহাৰ কৰে৷ ৯ দিনৰ অন্তত আমৰণ অনশন প্ৰত্যাহাৰ কৰে কেজৰিৱালে৷ দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজালে এখন পত্ৰ যোগে অৰবিন্দ কেজৰিৱালক আইএএছ বিষয়াসকলক সাক্ষাৎ কৰাৰ বাবে আমন্ত্ৰণ জনায়৷

\

ৰাজ্যপালে সচিবালয়ত বিষয়াসকলক সাক্ষাৎ কৰি আলোচনা কৰিবলৈ কয় আৰু সমস্যা সমাধানৰ পথ ওলাব বুলি আশা কৰে৷ যোৱা ৯ দিন ধৰি ৰাজভৱনত আমৰণ অনশন কৰি আছিল অৰবিন্দ কেজৰিৱাল আৰু সহযোগী মন্ত্ৰীয়ে৷ টুইট কৰি অৰবিন্দ কেজৰিৱালে উচ্চ পদস্থ বিষয়া আৰু চৰকাৰক মাজত সৌহ্যদপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ আহ্বান জনায় ৰাজ্যপালক৷ 

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণ কাৰ্যসূচী পালন কৰাৰ ৯ দিনত ভৰি দিয়ে৷ মণিষ সিসোডিয়া আৰু আৰু সত্যেন্দ্ৰ জৈনে অনশন অব্যাহত থকাৰ মাজতে অসুস্থ হৈ পৰিছিল৷ যোৱা ৯দিন ধৰি এখন ৰাজ্যৰ শাসকীয় দলে প্ৰতিবাদ কৰি থকাৰ পিছতো উপ-ৰাজ্যপাল তথা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ আলোচনাত বহাৰ বাবে ৰাজি হোৱা নাছিল যদিও অৱশেষত আলোচনা বহিবলৈ পত্ৰ প্ৰেৰণ কৰে৷ তাৰ মাজতে দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ আৰু দলে সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিছে দেশৰ বিভিন্ন দল আৰু নেতাই৷ 

শনিবাৰে দেশৰ ৪গৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰীয়ে দিল্লীত উপস্থিতি হৈ গণতন্ত্ৰ ৰক্ষাৰ বাবে অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰে৷

উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপালে কেইবাখনো বিধেয়কত স্বাক্ষৰ নকৰাৰ ফলত আইনত পৰিণত নোহোৱাত নাৰাজ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আমি পাৰ্টিৰ কেইবাগৰাকী বিধায়কে ধৰ্ণাত বহিছিল উপ-ৰাজ্যপালৰ কাৰ্যালয়ত৷

দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ 

প্ৰায় ৯টা দিন দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বত ধৰ্ণাত বহাৰ পিছতো ৰাজ্যপালে সৌজন্যতাৰ খাতিৰতো সাক্ষাৎ কৰা নাছিল চৰকাৰ চলাই থকা দলটোক তথা শাসকসকলক৷ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লীবাসীৰ সমস্যা সমাধান কৰিবৰ বাবে ৰাজ্যপালে বিধেয়কত স্বাক্ষৰ কৰিব লাগে নতুবা কাম কৰাৰ অনুমতি দিব লাগে৷ অনিৰ্দিষ্টকালীন ধৰ্ণা অব্যাহত থকাৰ সময়তে বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে৷ আম আদমি পাৰ্টিৰ পদকে অনুসৰণ কৰি বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীক পুনৰ কাৰ্যালয়লৈ উভতি অহাৰ দাবীত বিজেপি বিধায়কে ধৰ্ণাত বহে৷