মুকালমুৱাঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কপাই যোৱা বৰক্ষেত্ৰীৰ চৰ অঞ্চলৰ মূল অভিযুক্তক আজি আটক কৰে ভাংনামাৰী আৰক্ষীয়ে৷ নিজ গৃহতে পত্নী-কন্যাক অতি নৃশংস ভাবে হত্যা কৰি পত্নী-কন্যাৰ মৃতদেহ নিজ ঘৰতে পেলাই থৈ হত্যাকাৰী স্বামীয়ে আজি চাৰিদিন ধৰি নাটক সৃষ্টি কৰি আহিছিল৷

নিজ গৃহতে পত্নী-কন্যাৰ মৃতদেহ তেজেৰে লুতুৰি-পুতৰি অৱস্থাত উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ চৰ অঞ্চলতে হুৱাদুৱাৰ সৃষ্টি কৰিছিল৷ কিছুদিন পূৰ্বে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড৷

ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত লাউপাৰা চৰৰ হাফিজুৰ ৰহমান নামৰ লোক জনৰ পত্নী আৰু ২ বছৰীয়া কন্যা সন্তানটিক নিজ গৃহৰ ভিতৰতে মৃত অৱস্থাত প্ৰথমতে ওচৰ-চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে অতি নাটকীয়ভাবে পলায়ন কৰিছিল স্বামী হাফিজুৰ ৰহমানে৷

স্থানীয় লোকে নিজ গৃহতে পত্নী-কন্যাৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমান আৰু ভাংনামাৰী আৰক্ষীক খৱৰ দিছিল৷

উল্লেখযোগ্য যে, ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমানে পত্নী-কন্যাক অতি নৃশংস ভাবে চোকা অস্ত্ৰৰে হত্যা কৰি অইন দিনাৰ দৰে সেইদিনাও তেওঁৰ কৰ্মসুত্ৰলৈ ওলাই যোৱাৰ নাটকৰ সৃষ্টি কৰিছিল৷ হত্যাকাণ্ড সন্ধৰ্ভত স্থানীয় লোকৰ একাংশই আৰক্ষীৰ আগত কন্যাক নিজ মাতৃয়ে চোকা অস্ত্ৰৰে হত্যা কৰি মাতৃ ফৰিদা বেগমে নিজৰ গলত চোকা অস্ত্ৰৰে ৰেপি আত্মহত্যা কৰিছে বুলি কৈছিল যদিও আন একাংশই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিয়ে প্ৰকাশ কৰিছিল৷

সেইদিনাই অাৰক্ষীয়ে নৃশংস হত্যাকাণ্ডটোৰ লগত ব্যৱহাৰ হোৱা এপাত চোকা অস্ত্ৰ (বঠি) উদ্ধাৰ কৰিছিল৷ তাৰ পিছতে ভাংনামাৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হাফিজুৰ ৰহমানৰ পত্নী ফৰিদা বেগম (২৫) আৰু তেওঁৰ কন্যা হালিমা বেগম (২)ৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰিক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰি ভাংনামাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত৷

বুধবাৰে নিশা হত্যাকাৰী স্বামী হাফিজুৰ ৰহমানক ভাংনামাৰী আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছিল অাৰু সেই তদন্ততে হত্যাকাৰী স্বামীয়ে নিজ হাতেৰে তেওঁৰ পত্নী আৰু কন্যাক অতি নৃশংস ভাবে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্ধৰ্ভত ভাংনামাৰী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দীৰ্ঘদিন ধৰি হত্যাকাৰী স্বামী আৰু তেওঁৰ শাহুৱেক অৰ্থাৎ পত্নীৰ মাকৰ সৈতে আছিল অবৈধ সম্পৰ্ক৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা শাহুৱেক অৰ্থাৎ পত্নীৰ মাক নিশা আছিল জোৱাঁয়েকৰ ঘৰত আৰু সেই নিশাই শাহুৱেকৰ সৈতে হত্যাকাৰী স্বামী হাফিজুৰ ৰহমানে অনৈতিক কামত লিপ্ত হৈছিল৷ আৰু এই অনৈতিক কাম স্ব-চকুৰে পত্নী ফৰিদা বেগমে প্ৰত্যক্ষ কৰাত তিনিওৰে মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছিল৷ ৰাতিপুৱা শাহুৱেকে নিজ ঘৰলৈ উভতি অহাৰ পিছ মুহুৰ্ততে হাফিজুৰে ৰহমানে তেওঁৰ পত্নী ফৰিদা বেগম (২৫) আৰু ২ বছৰীয়া কন্যা হালিমা বেগমক চোকা অস্ত্ৰৰে (বঠি) ডিঙি ৰেপি হত্যা কৰিছিল৷

ইতিমধ্যে ভাংনামাৰী আৰক্ষীয়ে হত্যাকাৰী স্বামী হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৩১/১৭/U/S ৩০২/২০১/৩৪ IPCত গোচৰ ৰজু কৰি আজি নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰিছে হত্যাকাৰী স্বামী হাফিজুৰ ৰহমানক৷