ডিজিটেল ডেস্কঃ অত্যাধুনিক হাইড্ৰ’জেন বোমা বিস্ফোৰণৰ সফল পৰীক্ষা কৰা বুলি দাবী কৰিছে উত্তৰ কোৰিয়াই। জাপান আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী সূত্ৰ আৰু সংবাদ মাধ্যমে সদৰী কৰা মতে, বোমা বিস্ফোৰণৰ ফলত পৰীক্ষাস্থলৰ পাশ্বৱৰ্তী বৃহৎ অঞ্চলত অনুভূত হয় ভূমিকম্প।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
এই বিস্ফোৰণৰ তীব্ৰতা পূৰ্বৰ সম্পৰীক্ষাবোৰতকৈ ১০ গুণ অধিক শক্তিশালী আছিল বুলি অনুমান কৰা হৈছে। ইয়াৰ সৈতে ষষ্ঠবাৰৰ বাবে উত্তৰ কোৰিয়াই পৰমাণু বোমাৰ পৰীক্ষা চলাইছে বুলি দাবী কৰিছে জাপান আৰু দক্ষিণ কোৰিয়াই।
CLICK ► মৰ্ত্যত স্বৰ্গ, চিগাৰেট হুপি পিয়ানো বজাই কিমে
ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে পৰমাণু বোমাৰ পৰীক্ষা চলালে কিম জং উনৰ দেশখনে। মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেৰ তথ্য অনুযায়ী, এই পৰীক্ষা সম্পন্ন কৰাৰ ফলত অঞ্চলটোত যি ভূমিকম্প অনুভূত হয়, ৰিখটাৰ স্কেলত তাৰ তীব্ৰতা আছিল ৬.৩।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
কেবা ঘণ্টা পূৰ্বে পৰমাণু বোমা সম্পৰ্কীয় বিষয়ক লৈ জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল ট্ৰাম্পে। ইয়াৰ পিছতে হাইড্ৰজেন বোমাৰ পৰীক্ষা সম্পন্ন কৰি আমেৰিকাক ধমক দিয়ে কিম জং উনে।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
উত্তৰ কোৰিয়াই দাবী কৰি কয় যে, ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ মাধ্যমেৰে এই বোমা নিক্ষেপ কৰা হৈছে। ইমান দিনে পিয়ংইয়ঙে যি পৰমাণু বোমাৰ পৰীক্ষা চলাইছিল, তাততৈ হাইড্ৰ’জেন বোমা বা থাৰ্মোনিউক্লিয়েৰ ডিভাইছ অধিক শক্তিশালী আৰু মাৰাত্মক বুলিও দাবী কৰিছে কিম প্ৰশাসনে।
CLICK ► মৰ্ত্যত স্বৰ্গ, চিগাৰেট হুপি পিয়ানো বজাই কিমে
ইফালে সমুখত ব্ৰিকছ সন্মিলন থকাৰ পিছতো এনেদৰে হাইড্ৰ’জেন বোমাৰ পৰীক্ষা কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে উত্তৰ কোৰিয়াৰ বন্ধু ৰাষ্ট্ৰ চীন। এই ঘটনাৰ পিছত উত্তৰ কোৰিয়াক অধিক একাষৰীয়া কৰি দিবলৈ ৰাষ্ট্ৰসংঘৰ ওচৰত আবেদন জনাইছে চুবুৰীয়া দক্ষিণ কোৰিয়াই।