newsnextone.com | ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত কিংমেকাৰ হ’ব নেকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিয়নো প্ৰধান বিৰোধী দল কংগ্ৰেছতকৈ মমতাৰ দল তৃণমূল কংগ্ৰেছে সকলো বিৰোধী দলক একত্ৰিত কৰিবলৈ বেছি দৌৰা-দৌৰি কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে ২০১৯ত মমতা কিংমেকাৰ হ’ব নেকি বুলি চৰ্চা আৰম্ভ হৈছে।
লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ থকা অৱস্থাত বুধবাৰে সন্ধিয়া মিত্ৰজোঁটৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীক মমতাই সাক্ষাত কৰে। দিল্লীৰ ১০ জনপথত ছোনীয়া গান্ধীক সাক্ষাত কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীও উপস্থিত আছিল। ছোনীয়া গান্ধীক সাক্ষাত কৰাৰ অন্তত মমতাই সংবাদিকক পুনৰ বিৰোধীক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে।