newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজনীতিত নিৰ্দিষ্ট বয়স নাই৷ ভোটাধিকাৰ লাভ কৰিবৰ পৰা আমৃত্যু পৰ্যন্ত যি কোনো ভাৰতীয় নাগৰিকেই ৰাজনীতিৰ পথাৰত সদম্ভে পদাৰ্পণ কৰিব পাৰে৷ সেয়ে ৯০ বছৰ অতিক্ৰম কৰাৰ পিছতো বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে পুনৰ এবাৰ লাভ কৰিলে নিৰ্বাচনী প্ৰস্তাৱ৷

২০১৯ৰ লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজোপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে৷ আনন্দ বজাৰ পত্ৰিকা নামৰ বাংলা বাতৰি কাকতখনৰ বাতৰি অনুসৰি মোডীয়ে বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীকো লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বৰ বাবে অনুৰোধ জনাইছে৷

বাতৰি কাকত খনে দাবী কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯১ বৰ্ষীয় লালকৃষ্ণ আদৱানীক দিল্লীৰ পৃথ্ৱীৰাজ ৰোডত থকা আদৱানীৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ নেতাগৰাকীক সাক্ষাত কৰে৷ আনহাতে বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহেও জ্যেষ্ঠ নেতাগৰাকীক সাক্ষাত কৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বৰ বাবে কয়৷

উল্লেখ্য যে, লালকৃষ্ণ আদৱানীয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত গুজৰাটৰ গান্ধীনগৰ সংসদীয় ক্ষেত্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয় লাভ কৰিছিল৷ কিন্তু তাৰ পিছতে তেওঁক দলৰ পৰা একপ্ৰকাৰ পৃথক কৰি ৰখা হয়৷ আনকি বিজেপিৰ সৰ্ব্বোচ্চ সংস্থা পৰ্লিয়ামেন্টৰী বোৰ্ডতো লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীক স্থান প্ৰদান কৰা নহ’ল৷ 

আনহাতে দলৰ পৰা উপেক্ষা হোৱাৰ পিছত লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীয়ে একপ্ৰকাৰ সক্ৰিয় ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিন্তু বিজেপিৰ চতুৰ অধ্যক্ষ অমিত শ্বাহে এখনি ৫ জনীয়া পথ পদৰ্শক সমিতি গঠন কৰি মুৰুলি মনোহৰ যোশী আৰু লালকৃষ্ণ আদৱানীৰ নাম সন্নিৱিষ্ট কৰে৷ পদ প্ৰদৰ্শক সমিতিখনত আদৱানী আৰু যোশীৰ বাহিৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অধ্যক্ষ অমিত শ্বাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ নাম অন্তৰ্ভূক্ত কৰা হয়৷ কিন্তু গুৰুত্ব পূৰ্ণ বিষয় এয়া যে সমিতি খন গঠন কৰাৰ পিছত আজিলৈকে সমিতিখনৰ এখন বৈঠকো অনুষ্ঠিত কৰা হোৱা পৰিলক্ষিত নহ’ল৷

উল্লেখ্য যে, ২০১৪ চনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত ৭৫ বৰ্ষতকৈ অধিক বয়সীয়াল নেতাক নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল৷

কিন্তু বিগত মাহত কৰ্ণাটকত সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭৭ বৰ্ষীয় বিএছ য়েদেয়াৰুপ্পাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰি এই নীতি নিজেই খণ্ডন কৰা পৰিলক্ষিত হয়৷

সদ্যহতে আগন্তক লোকসভা নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ বাবে কৰা অনুৰোধ দলৰ পৰা প্ৰায় উপেক্ষিত ৯১ বৰ্ষীয় লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীয়ে গ্ৰহণ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব৷