নতুন দিল্লীঃ সংসদৰ চলি থকা বৰ্ষাকালীন অধিৱেশৰ মাজতে অপাৰেচন সেন্দূৰ আৰু সন্ত্ৰাসবাদীক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল যোৰহাটৰ সাংসদ তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ। আজি সংসদত জম্মু-কাশ্মীৰৰ পেহেলগাম আক্ৰমণ, অপাৰেচন সেন্দূৰৰ পৰিণাম, প্ৰতিৰক্ষা বিফলতা আৰু বৈদেশিক নীতিৰ বিফলতাক লৈ কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰে।
গোটেই ভাষণটোত বাৰে বাৰে গৌৰৱ গগৈয়ে উত্থাপন কৰে এটা বিশেষ প্ৰশ্ন— ‘সত্য ক’ত?’ সদনত ভাষণৰ আৰম্ভণি কৰি গৌৰৱ গগৈয়ে কয়, “আজিৰ এই আলোচনাৰ মূল উদ্দেশ্য হৈছে পেহেলগাম কাণ্ডৰ সত্যতা বাহিৰ কৰা, অপাৰেচন সেন্দূৰৰ সত্য বাহিৰ কৰা, বৈদেশিক নীতিৰ সত্যতা বাহিৰ কৰা।” তেওঁ দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সন্দৰ্ভত বহু তথ্য দিলে যদিও মূল প্ৰশ্নৰ উত্তৰ নিদিলে। যেনে, “সন্ত্ৰাসবাদীসকল কেনেকৈ পেহেলগাম পালেগৈ? পাঁচজন উগ্ৰপন্থীয়ে ২৬ জন নিৰীহ লোকক গুলীয়াই হত্যা কৰি কেনেকৈ পুনৰ উভতি গ’ল?”
গগৈয়ে অভিযোগ কৰি কয়, “তথ্য এনেদৰে খণ্ড খণ্ডকৈ উপস্থাপন কৰা হৈছে যে মানুহে প্ৰশ্ন কৰিবলৈও পাহৰি যায়।” তেওঁৰ মতে, পেহেলগাম আক্ৰমণ পাকিস্তানৰ উচটনি দিয়া এক বৃহৎ ষড়যন্ত্ৰ আছিল। লক্ষ্য আছিল জম্মু-কাশ্মীৰৰ অৰ্থনীতি ধ্বংস কৰা, সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা, ভাৰত-পাকিস্তানৰ সম্পৰ্কক এক বিভ্ৰান্তিকৰ স্থানত ৰখা।
গগৈয়ে কয়, “মই এজন গৌৰৱান্বিত ভাৰতীয়, কাৰণ পেহেলগামত স্থানীয় কাশ্মীৰীয়েই প্ৰথমে আগবাঢ়ি আহি পৰ্যটকসকলক সহায় কৰিছিল। সেই সহানুভূতিৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে আজি কাশ্মীৰীসকলক ধন্যবাদ জনাইছে।”
তেওঁ হিমাংশী নাৰৱালৰ কথা উল্লেখ কৰি কয়, “যি মহিলাৰ স্বামী শ্বহীদ হৈছিল, তেওঁ স্পষ্টকৈ কৈছে- মই নিবিচাৰো যে তেওঁৰ মৃত্যু হিন্দু-মুছলমান ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰা হওক। এয়াই ভাৰতৰ সংস্কৃতি। কিন্তু পাকিস্তানে এই বিভাজন বিচাৰিছিল।”
এই পৰিস্থিতিত সমগ্ৰ বিৰোধী শিবিৰ একত্ৰিত বুলিও দাবী কৰে গগৈয়ে। তেওঁ কয়, “ৰাহুল গান্ধীয়ে নিজেই কৈছে যে আমি চৰকাৰৰ লগত আছো। কিন্তু দেশৰ জনসাধাৰণে জানিব বিচাৰিছে, সেই পাঁচজন সন্ত্ৰাসবাদী কিয় ধৰা নপৰিল? সিহঁতে কেনেকৈ পলায়ন কৰিলে? কোনে সহায় কৰিলে? কোনে সিহঁতক তথ্য দিলে? আজি ১০০ দিন পাৰ হৈ গ’ল, চৰকাৰে এতিয়াও সিহঁতক ধৰিব পৰা নাই।”
মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি গগৈয়ে কয়, “আপুনি কৈছিল যে ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰলৈ শান্তি আহিছে। মানুহে আপোনাৰ কথাত বিশ্বাস কৰি কাশ্মীৰলৈ যাবলৈ আৰম্ভ কৰিলে। কিন্তু তাৰ পিছতে পেহেলগামত হত্যাৰ বলি হ’ল। আনকি আহতসকলক কোনেও এঘণ্টা ধৰি সহায় কৰিবলৈ সক্ষম নহ’ল কিয়? এম্বুলেন্স পোৱালৈ ইমান সময় কিয় লাগিল?”
পৰিস্থিতিৰ বৰ্ণনা কৰি গৌৰৱ গগৈয়ে পুনৰ কয়, “মই সেই দৃশ্য দেখি বাৰে বাৰে ব্যথিত হৈ পৰো- পাহাৰৰ পৰা নামি আহিছিল এগৰাকী মাক-কন্যা। সন্মুখত সেনাক দেখি তেওঁলোকে কান্দি উঠিছিল। সেয়া আনন্দত নাছিল, আছিল ভয়ত। কাৰণ উগ্ৰপন্থীসকলেও সৈনিকৰ সাজ-পোছাক পিন্ধি আহিছিল। শেষত সৈন্যসকলে ক’বলগীয়া হৈছিল, ‘মই ভাৰতীয়, ভয় নকৰিবা।’ মানুহৰ মাজত ইমান ভয় বিয়পাই দিয়া হ’ল।”
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক শাণিত সমালোচনা কৰি গগৈয়ে কয়, “ৰাজনাথ সিঙে এই সন্দৰ্ভত এটা শব্দও কোৱা নাই। তেওঁ কেৱল সেনাৰ বীৰত্বৰ কথাহে কৈছে। কিন্তু সাধাৰণ নাগৰিকে ভুগি থকা সন্ত্ৰাসৰ বিষয়ে তেওঁ একো কোৱা নাই। এয়াও প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব।”
তেওঁ কয়, “প্ৰতিবাৰেই গৃহমন্ত্ৰীয়ে গৈ পৰ্যালোচনা কৰে, সকলো ব্যৱস্থা ঠিকেই আছে বুলি কয়। তেওঁ কয় যে সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি গৈছে। তেন্তে উৰি, পুলৱামা, পেহেলগাম- এই সকলোবোৰ আক্ৰমণ কিয় আপোনালোকৰ চৰকাৰৰ সময়তে সংঘটিত হৈছে?”
পেহেলগাম কাণ্ডৰ বাবে গৃহমন্ত্ৰীক নৈতিক দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে কয়, “জম্মু-কাশ্মীৰৰ এল জিয়ে ইয়াৰ দায়িত্ব ল’ব নোৱাৰে। এই ব্যৰ্থতাৰ নৈতিক দায়িত্ব গৃহমন্ত্ৰীয়ে ল’ব লাগিব। উপ-ৰাজ্যপালৰ পিছত আপুনি লুকাই থাকিব নোৱাৰে।” পিছত গগৈয়ে পোনপটীয়াকৈ অভিযোগ কৰে, “এই চৰকাৰখন অহংকাৰী হৈ গৈছে। তেওঁলোকে ভাবে যে যিমান ডাঙৰ ঘটনা নহ’লেও তেওঁলোকে উত্তৰ দিব নালাগে। এতিয়া তেওঁলোকে ট্যুৰ অপাৰেটৰক দোষাৰোপ কৰিছে। অনুজ্ঞাপত্ৰ অবিহনে ভ্ৰমণলৈ পৰ্যটকক নিছিল বুলি কৈছে। এয়া জবাবদিহিতাৰ উদাহৰণ।”
তেওঁ কয় যে চোৰাংচোৱা আৰু নিৰাপত্তাৰক্ষী বিষয়াসকলে এনে এটা পৰ্যায় পাইছে যেন লাগে যে তেওঁলোকে অনুভৱ কৰিছে যে এতিয়া তেওঁলোকক কোনেও প্ৰশ্ন সুধিব নোৱাৰে। তেওঁ আৰু কয়, “আমি চৰকাৰৰ শত্ৰু নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমি আজিও চৰকাৰৰ লগত আছো। কিন্তু সত্য পোহৰলৈ আহিব লাগিব।”
একে সময়তে ভাষণত প্ৰধানমন্ত্ৰীক সমালোচনা কৰি বিৰোধী উপ-দলপতিগৰাকীয়ে কয়, “আপুনি ছৌদি আৰবলৈ আনুষ্ঠানিক ভ্ৰমণত আছিল। কিন্তু আপুনি ঘৰলৈ উভতি অহাৰ পিছত পেহেলগামলৈ নগ’ল। বৰঞ্চ আপুনি পোনে পোনে বিহাৰ পালেগৈ আৰু নিৰ্বাচনী ভাষণ দিলে। সেই সময়ত যদি কোনোৱে পেহেলগাম গৈছিল, তেন্তে সেয়া হৈছে বিৰোধী নেতা ৰাহুল গান্ধী।”
আনহাতে অপাৰেচন সেন্দূৰ সন্দৰ্ভত গগৈয়ে কয়, “ৰাজনাথ সিঙৰ বক্তব্যত মাত্ৰ এটাই বিভ্ৰান্তি আছে। তেওঁ কয় যে অপাৰেচন এতিয়াও সম্পূৰ্ণ হোৱা নাই। কিন্তু তেওঁ এয়াও কৈছে যে অপাৰেচন সেন্দূৰ সফল হৈছে। গতিকে কোনটো সঁচা?”
তেওঁ এই প্ৰশ্ন উত্থাপন কৰে, “প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে যুদ্ধ কৰাতো আমাৰ উদ্দেশ্য নাছিল। আমি প্ৰশ্ন কৰিব বিচাৰো যে, কিয় নাছিল উদ্দেশ্য? উদ্দেশ্য হ’ব লাগিছিল। চৰকাৰে কৈছে যে আমাৰ উদ্দেশ্য পিঅ’কে দখল কৰাতো নাছিল। আমি সুধিছো যে কিয় নাছিল? দখল কৰিব লাগিছিল। পিঅ’কে আজি যদি ঘূৰাই নানে, তেন্তে কেতিয়া আনিব? যদি আপুনি কয় যে লক্ষ্য কেৱল সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰা আছিল, তেন্তে ২০১৬ চনত উৰিতো সেয়া হৈছিল। তাৰ পিছত কি পাকিস্তানে আক্ৰমণ কৰিবলৈ এৰি দিলে” গগৈয়ে আৰু কয়, “উৰি, পুলৱামা আৰু পেহেলগাম- এই চৰকাৰৰ দিনতে ঘটিছে। গতিকে বিফলতাৰ দায়িত্ব কেনেকৈ এৰাই চলিব পাৰে?”
তেওঁ কটূক্তিৰে কয়, “বিজেপি নেতাসকলে আলোচনালৈ কিতাপ আনিছে, ইতিহাস পঢ়িছে। কিন্তু সেয়া কোৱা উচিত নহয়। উদাহৰণস্বৰূপে আমাৰ চিডিএছে ছিংগাপুৰৰ শ্ৰংগিলা ডাইলগলৈ গৈ ক’লে- প্ৰথম দিনাই আমাৰ যুঁজাৰু বিমানবোৰৰ ভুল হৈছিল। তাৰ পিছত আমি সেয়া শুধৰাই দূৰৰ পৰা আক্ৰমণ কৰিলো। কিন্তু দূৰৰ পৰা আক্ৰমণ কিয়? ওচৰৰ পৰা কিয় নহয়?” তেওঁ আৰু কয়, “আমাৰ হাতত পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ যুঁজাৰু বিমান আছে, শ্ৰেষ্ঠ পাইলট আছে- তেন্তে আমাৰ ইমানবোৰ বাধা কিয়?”
গগৈয়ে লগতে কয়, “আন্তৰ্জাতিক মিডিয়াত যুদ্ধবিমানক লৈ একাধিক বাতৰি প্ৰকাশ পাইছে। গতিকে, দেশে জানিব বিচাৰে যে কিমানখন যুদ্ধবিমান ক্ষতিগ্ৰস্ত হৈছে। ই কেৱল সাধাৰণ নাগৰিকৰেই জনাটো অধিকাৰ নহয়, আমাৰ সাহসী সৈনিকসকলেও জনাটো প্ৰয়োজনীয়।”
গৌৰৱ গগৈয়ে কয় যে লেফটেনেণ্ট জেনেৰেল ৰাহুল সিঙে কৈছিল যে চীন পাকিস্তানৰ সম্পূৰ্ণ পিছপৰি আছে। যোৱা পাঁচ বছৰত তেওঁলোকে ৮০ শতাংশ সামৰিক হাৰ্ডৱেৰ চীনৰ পৰা লাভ কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰে চীনৰ বিৰুদ্ধে স্পষ্টকৈ একো কোৱা নাই। তথাপি সেনাই কৈছে যে কেৱল দুটা ফ্ৰণ্টৰ নহয়, তিনি ফ্ৰণ্টৰ যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে- চীন, পাকিস্তান আৰু বাংলাদেশ। তথাপি এই ভৱিষ্যদ্বাণী প্ৰথমে এই সংসদত ৰাহুল গান্ধীয়ে কৰিছিল।
কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে, “”আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰধানমন্ত্ৰী মোডীক সম্পূৰ্ণ সমৰ্থন দিলোঁ। সমগ্ৰ দেশ প্ৰধানমন্ত্ৰী মোডীৰ লগত আছিল যদিও ১০ মে’ত যুদ্ধবিৰতি হৈছে বুলি খবৰ আহিল। এনে কিয় হ’ল? যুদ্ধৰ সময়ত লক্ষ্য ২১ ৰ পৰা ৯ লৈ কিয় হ্ৰাস কৰা হ’ল? ৰাজনৈতিক হেঁচা আছিল নেকি? আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ কিয় আছিল? সমগ্ৰ দেশে যিকোনো মূল্য দিবলৈ সাজু হৈ থকাৰ সময়ত যুদ্ধ কিয় বন্ধ কৰা হ’ল?” তেওঁ আৰু প্ৰশ্ন কৰে, “চৰকাৰে দাবী কৰাৰ দৰে যদি পাকিস্তানে সেও মানিবলৈ সাজু আছিল, পাকিস্তানৰ পৰাজয় নিশ্চিত আছিল, তেন্তে যুদ্ধবিৰতি কিয় কৰা হ’ল? চৰকাৰে কাৰ ওচৰত আত্মসমৰ্পণ কৰিলে?”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি তেওঁ স্পষ্টকৈ কয়, “আমি শুনিছো যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তান-ভাৰত যুদ্ধত ২৬ বাৰ হস্তক্ষেপ কৰিছে। গতিকে কি হেঁচাত আপুনি বন্ধ কৰিলে? আপুনি কাৰ ওচৰত মূৰ দোঁৱালে?”
আনহাতে, বৈদেশিক নীতি সন্দৰ্ভত গগৈয়ে কয়, “আপুনি সফল বুলি কয়, কিন্তু শ্বাংগ্ৰী-লা আলোচনাৰ খচৰাত এনে শব্দ ব্যৱহাৰ কৰা হৈছে যিয়ে পাকিস্তানক কাশ্মীৰ সমস্যাৰ বৈধ পক্ষ হিচাপেও চিত্ৰিত কৰিছে। আনকি আই এম এফ, এ ডি বি আৰু বিশ্ব বেংকেও পাকিস্তানক প্ৰায় ১৮৪ কোটি ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰি আছে। ই ক’লৈ গৈ আছে? যি সেনাৰ হাতত আমি মিছাইল নিক্ষেপ কৰিছিলো, সেই সেনাৰ হাতত। আমি ইয়াক ৰোধ কৰিব পৰা নাই।”
গগৈয়ে চৰকাৰক উদ্দেশ্যি কয়, “মই চৰকাৰক কওঁ – ভয় নকৰিব। সঁচা কথা কওক। দেশ আপোনাৰ পক্ষত আছে। বিৰোধীও আপোনাৰ পক্ষত। আমি দেশৰ স্বাৰ্থত, জোৱানৰ স্বাৰ্থত কথা কৈছো। সত্য জনাৰ অধিকাৰ আমাৰ আছে। আপুনি যিমানেই মিছা কথা ক’ব সিমানেই প্ৰশ্নৰ উত্থান ঘটিব। আজিৰ আলোচনাত আমি বিচাৰিছিলো যে গৃহমন্ত্ৰীয়ে পেহেলগামৰ নৈতিক দায়িত্ব ল’ব, এন এছ এয়ে দায়িত্ব ল’ব, তাৰ পৰিৱৰ্তে চৰকাৰে পুনৰ এক বিভ্ৰান্তিকৰ অভিযানহে আৰম্ভ কৰিলে।
