13
Jun
ডিফুঃ ইছলাম ধৰ্মাবলম্বী সকলৰ পৱিত্ৰ ৰমজানৰ ৰোজা উপলক্ষে ২০ বিএন চিআৰপিএফৰ উদ্যোগত ডিফুৰ বিৰলাস্থিত প্লাইউদ ফেক্টৰীত এক ইফ্ তাৰ পাৰ্টীৰ আয়োজন কৰা হয়৷
ইফতাৰ পাৰ্টীত ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট অনিল কুমাৰ, বিষয়া আৰু জোৱান সকলে অংশ গ্ৰহণ কৰে৷
কামাণ্ডেণ্ট অনিল কুমাৰে পৱিত্ৰ ৰমজান মাহৰ তাৎপৰ্য বাখ্যা কৰি ৰোজাৰ জৰিয়তে আত্মসংযম, দান, দয়া আদিৰ ভাব জন্ম হোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতিৰ মনোভাব গঢ় লৈ উঠিব বুলি কয়৷ ইফতাৰ পাৰ্টীত ডিফুৰ ইমাম মৌলানা হুছেইন আহমেদ উপস্থিত থাকে৷