newsnextone.com | তেজপুৰঃ এচাম অসাধু চক্ৰই মাথো টকাৰ লোভত ধ্বংস কৰিছে প্ৰকৃতিক৷ প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ শিকায়৷ কিন্তু ভৱিষ্যত প্ৰজন্মৰ কথা নাভাৱি এচাম অসাধু ব্যৱসায়ীয়ে এফালৰ পৰা উচ্ছেদ কৰিছে তেনে প্ৰকৃতিৰ৷

বন বিভাগৰ চকুত ধুলি সানি এচামে পাহাৰীয়া মূল্যবান গছ কাটি চলাই গৈছে  ৰমৰমীয়া বেহা৷ বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে অসাধু চক্ৰই এই বেহা চলাই নিব পাৰিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন হ’লেও কিন্তু মাজে মাজে বন বিভাগে আটক কৰিবলৈ সক্ষম হৈছে এনে ব্যৱসায়ীসকলক৷

শোনিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ফুলগুৰিৰ বাহুমাৰীৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে লক্ষ্যাধিক মূল্যৰ কাঠসহ দুখন বলেৰ’ পিক অাপ ভেন  জব্দ কৰিবলৈ সক্ষম হয়৷ পিছত ৰঙাপৰা আৰক্ষীয়ে কাঠখিনি বনবিভাগক চমজাই দিয়ে৷ 

জানিব পৰা মতে, এএচ ১২ ই ৬৬০৮ অাৰু এএচ ১২এচি ০৬২৩ নম্বৰৰ বলেৰ’ পিকআপ ভেন দুখেনেৰে কাঠখিনি অৰুণাচলৰ পৰা কঢ়িয়াই অনাৰ সময়তে গাঁওৰাক্ষী বাহিনী আৰু আৰক্ষীয়ে গাড়ী দুখন অৱৰোধ কৰে৷

বাহন কেইখনৰ চালক দুজনে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত সস্ত্ৰম হৈ পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে কাঠ সহ গাড়ী দুখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে৷ জব্দকৃত কাঠখিনিৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে৷