ডিজিটেল ডেস্কঃ এগৰাকী অস্কাৰ বিজয়ী নাট্যকাৰ-পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ খবৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চালৈ আহে৷ অস্কাৰ বিজয়ী পৰিচালক পল হেগিছৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ৷

একে সময়তে ৪গৰাকী মহিলাই এই অভিযোগ উত্থাপন কৰাত হলিউডৰ পৰিচালকগৰাকীয়ে বিপদত পৰাটো খাতাং হৈ পৰিছে৷ ৪গৰাকী মহিলাই একেটাই অভিযোগ ধৰ্ষণ কৰা বুলিয়ে অভিযোগ উত্থাপন কৰে৷ ডিচেম্বৰ মাহত এগৰাকী মহিলাই প্ৰথমে এই অভিযোগ উত্থাপন কৰিছিল৷

২০১৩ চনত এই ঘটনা সংঘটিত কৰা বুলি কয়৷ তাৰ লগে লগে অন্য ৩গৰাকী মহিলাই তেওলোকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে পলৰ বিৰুদ্ধে৷ আনহাতে পলৰ পক্ষৰ পৰা এই অভিযোগক খণ্ডন কৰি পলে কেতিয়াও এনে কাণ্ডৰ সৈতে জড়িত নহয় বুলি দাবী কৰে৷