Home ৰাজ্যনক্সালৰে চিআৰপিএফৰ সংঘৰ্ষ, ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ বীৰ সন্তান প্ৰাণেশ্বৰ কোচ

নক্সালৰে চিআৰপিএফৰ সংঘৰ্ষ, ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ বীৰ সন্তান প্ৰাণেশ্বৰ কোচ

by News Next One
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ মাগুৰমাৰী ৰাভাপাৰা নিৱাসী বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ সুসন্তান তথা বীৰ জোৱান প্ৰাণেশ্বৰ কোচ (৩৩) আজি এক নক্সালবিৰোধী অভিযানত শ্বহীদ হয়। যোৱা তিনি বছৰে ঝাৰখণ্ডত নক্সালবিৰোধী অভিযানত জড়িত হৈ থকা চিআৰপিএফৰ ২০৯ নং কোব্ৰা বেটেলিয়নৰ জোৱান প্ৰাণেশ্বৰ কোচসহ অভিযানকাৰী দলটো আজি পুৱা নক্সালৰ এম্বুছত পৰে আৰু প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়।

উক্ত ঘটনাত কোকৰাঝাৰৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ প্ৰচণ্ড সাহসিকতাৰে যুঁজ দি শ্বহীদ হোৱাৰ বিপৰীতে আন দুজন নক্সাল বিদ্ৰোহী নিহত হয় বুলি জানিব পৰা গৈছে। ঝাৰখণ্ডৰ বোকোৰাৰ লগু পাহাৰৰ বীৰহৰ্দাৰ বনাঞ্চলত উক্ত ঘটনাটো সংঘটিত হয় আৰু নিহত দুজন নক্সাল বিদ্ৰোহীৰ ভিতৰত কোৱৰ মাঞ্জী নামৰ এটা নক্সালিষ্টৰ শিৰৰ মূল্য ২৫ লাখ টকা আছিল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে যোৱা নিশা কেম্পৰ পৰা নক্সালবিৰোধী অভিযানত চিআৰপিএফৰ ২০৯ নং কোব্ৰা বেটেলিয়নৰ এটা দল জংঘললৈ ওলাই গৈছিল আৰু গোটেই নিশা অভিযান চলাই ঘূৰি আহোঁতে আজি পুৱা উক্ত এম্বুছ সংঘটিত হৈছিল।

গুৰুতৰভাৱে আহত প্ৰাণেশ্বৰ কোচক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইপিনে বীৰ জোৱান প্ৰাণেশ্বৰ কোচ ঝাৰখণ্ডত শ্বহীদ হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল উঠে। গাঁওবাসী প্ৰাণেশ্বৰৰ পৈতৃক গৃহত উপস্থিত হয় আৰু সকলোৱে পৰিয়ালটোৰ দুখৰ সমভাগী হয়। আনহাতে শ্বহীদ প্ৰাণেশ্বৰ কোচৰ পিতৃ বীৰেশ্বৰ কোচে সদৰী কৰা মতে ২০১৮ চনত চিআৰপিএফত ভৰ্তি হৈছিল। পিছত তেওঁ ডেপুটেচনত চিআৰপিএফৰ ২০৯ নং কোব্ৰা বেটেলিয়নলৈ যায় আৰু দেশৰ বিভিন্ন ঠাইত কৰ্তব্য সমাপন কৰে।

ঝাৰখণ্ডৰ পূৰ্বে জম্মু-কাশ্মীৰতো প্ৰাণেশ্বৰে কৰ্তব্য সমাপন কৰিছিল বুলি জানিব পৰা গৈছে। পিতৃয়ে প্ৰকাশ কৰা মতে প্ৰাণেশ্বৰ প্ৰায় তিনি বছৰমান ঝাৰখণ্ডতে আছিল আৰু যোৱা ৩০ জুনত তেওঁৰ সৈতে ফোনত কথা-বতৰা হৈছিল। ফোনত তেওঁ হাল মাৰিবৰ বাবে ট্ৰেক্টৰ কিনাৰ বাবে পইচা বিচাৰিছিল আৰু তাৰ উত্তৰত প্ৰাণেশ্বৰে কৈছিল যে তেওঁ এতিয়া জংঘলত আছে আৰু ভালকৈ নেটৱৰ্ক নাপায়, কেম্পলৈ ঘূৰি গৈ ভালদৰে কথা পাতিব। সেয়াই পূত্ৰৰ সৈতে পিতৃৰ অন্তিম কথা-বতৰা আছিল আৰু আজি দেশৰ বাবে পুত্ৰই আত্মবলিদান দিয়াত গৌৰৱ অনুভৱ কৰা বুলি সদৰী কৰে পিতৃ বীৰেশ্বৰ কোচে।

আনহাতে শ্বহীদ প্ৰাণেশ্বৰ কোচৰ সহধৰ্মিণী সাৱিত্ৰী বসুমতাৰীয়ে কয় যে যোৱা নিশা ৮ বজাত তেওঁৰ স্বামীৰ সৈতে কথা-বতৰা হৈছিল। ফোনত স্বামীয়ে কৈছিল যে আজি কেম্পৰ বাহিৰত অপাৰেচনত যাব লাগিব। বাহিৰত প্ৰচণ্ড বৰষুণ দি আছে। বৰষুণৰ বাবে অপাৰেচনত যোৱা হ’ব নে নাই নাজানো। তেতিয়া সাৱিত্ৰীয়ে কৈছিল যে অপাৰেচনত গ’লে জনাব। কিন্তু পিছলৈ ৫ বছৰীয়া সন্তানসহ সাৱিত্ৰী শুই পৰে আৰু প্ৰাণেশ্বৰেও হয়তো নিশা হোৱা বাবে ফোন নকৰিলে। পতি-পত্নীৰ মাজত সেয়াই অন্তিম বাৰ্তালাপ আছিল।

উল্লেখ্য যে শ্বহীদ প্ৰাণেশ্বৰৰ সহধৰ্মিণী সাৱিত্ৰী বসুমতাৰী পাঁচবছৰীয়া সন্তানৰ চিকিৎসাজনিত কাৰণত কোকৰাঝাৰ সদৰ চহৰত থাকে। ইপিনে প্ৰাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বাতৰি লাভ কৰি তেওঁৰ ঘৰলৈ অজস্ৰ গুণমুগ্ধৰ সোঁত বয়। কোকৰাঝাৰৰ ইউপিপিএল দলৰ বিধায়ক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

চিআৰপিএফৰ সঞ্চালক জি পি সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱেও সুকীয়া সুকীয়া বাৰ্তাত কোকৰাঝাৰ সন্তান অমৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে শ্বহীদ প্ৰাণেশ্বৰ কোচে মৃত্যুৰ পূৰ্বে পিতৃ-মাতৃ, চাৰি ভাতৃ, পাঁচ ভগ্নীৰ উপৰি পত্নী আৰু এগৰাকী ৫ বছৰীয়া পুত্ৰ সন্তান ইহসংসাৰত এৰি গৈছে। শ্বহীদ প্ৰাণেশ্বৰৰ নশ্বৰদেহ কাইলৈ স্বগৃহলৈ অনা হ’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আজি বিয়লিৰ ভাগত বিভাগীয় উচ্চপদস্থ বিষয়াবৰ্গই শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বাসগৃহত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0