আয়কৰ বিভাগৰ ৰঙা চকু চিকনি চুফাৰি ব্যৱসায়ীক প্ৰতিষ্ঠানত
চামগুৰিঃ আয়ৰ বৰ্হিভূত অবৈধ সম্পত্তিৰ তথ্য বিচাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ এটা বৃহৎ দলে নগাঁৱৰ ৰূপহীহাটৰ চিকনি চুপাৰীৰ ব্যৱসায়ী খাইৰুল ইছলামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহত তালাচী চলায়।
পুৱাৰে পৰা চলোৱা অভিযানত দলটোৱে পোৱা তথ্যৰ সবিশেষ সাংবাদ মাধ্যমৰ সন্মুখত অৱগত নকৰিলে যদিও বিভিন্ন আপত্তি জনক নথি-পত্ৰ জব্দ কৰা বুলি এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।
ইফালে ৰূপহীহাট অঞ্চলৰ একাংশ চিকনী চুপাৰি ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি লাখ লাখ টকাৰ কৰ ফাকি দি ব্যৱসায় চলাই অহাৰ অভিযোগ আছে যদিও নগাঁও জিলাৰ আয়কৰ বিভাগে এই বিষয়ত চকু মুদা কুলিৰ ভাও ধৰি আহিছে বুলিও অভিযোগ একাংশৰ।
বৰ্তমানেও ৰূপহীহাটৰ বৃহৎ চিকনী ব্যৱসায়ৰ লগত জড়িত বহু কেইজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ গুদামত লক্ষ লক্ষ টকাৰ কৰ ফাকি দি চিকনী চুপাৰি মজুত কৰি ৰাখাৰ অভিযোগ বহু সময়ত উত্থাপন হৈছে , সেই সমূহৰৰ ওপৰত পৰৱৰ্তী সময়ত আয়কৰ বিভাগৰ দৃষ্টি পৰিবনে নাই এই বিষয়ে বহুবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে স্থানীয় ৰাইজৰ মনত।