ডিজিটেল ডেস্কঃ পাকিস্তানৰ হেলিকপ্তাৰ ভাৰতৰ লাইন অব কণ্ট্ৰোলত প্ৰৱেশ কৰাৰ উপক্ৰম হোৱাৰ এদিন পিছতেই বৃহস্পতিবাৰে পাকিস্তানে জম্মু-কাশ্মীৰত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰাৰ কথা জানিব পৰা গৈছে৷ পাক সেনাই জম্মু-কাশ্মীৰৰ ওৰি খণ্ডৰ আন্তৰ্জাতিক সীমান্ত ৰেখাত থকা ভাৰতীয় সেনা চাউনীত অতৰ্কিতে গুলীবৰ্ষণ কৰে৷
এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাও দিয়ে বুলি জানিব পৰা গৈছে৷ সীমা সুৰক্ষা বলৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, বাৰামুল্লা জিলাৰ ওৰি খণ্ডৰ হাজিপীৰ এলেকাত অকাৰণত পাক সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলীবৰ্ষণ কৰে৷ পাকিস্তানে চলোৱা এই আক্ৰমণত বিএছএফৰ জোৱান সুনীল কুমাৰ মুৰ্মূ ছহিদ হোৱা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে ২০১৭ চনৰ জানুৱাৰী মাহত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমাৰেখাত পাক সেনাই চলোৱা আক্ৰমণত ২১ জনকৈ লোক নিহত হোৱাৰ লগতে ৭৫ জন লোক আহত হৈছিল৷ ইয়াৰোপৰি জম্মুৰ সীমান্তৱৰ্তী এলেকাৰ পৰা ৫০,০০০ লোকে ঘৰ এৰি পলায়ন কৰিব লগা হৈছিল।