newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ দুগৰাকী প্ৰভাৱশানী নেতা সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱ আৰু দলৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱে ৰাজনীতিৰ বাহিৰেও আন কিছু কৰ্মত নিয়োগ হোৱাৰ বাতৰি ওলাইছে। অখিলেশে ব্যৱসায়ৰ সৈতে জড়িত হ’বলৈ মন মেলিছে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশে এখল হেৰিটেজ হোটেল খোলাৰ পৰিকল্পনা কৰাৰ বিপৰীতে পিতৃ তথা দলৰ জ্যেষ্ঠ নেতা মুলায়েম সিং যাদৱে নিজৰ আৱাসত এটা পুথিভঁৰাল খোলাৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছে প্ৰশাসনক৷