newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি পিডিপিৰ চৰকাৰৰ পতন হোৱাৰ পিছতে দুদিনীয়া ভ্ৰমণ সূচীৰে শনিবাৰে কাশ্মীৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷ এখন বিশাল সমাবেশত অংশ লৈ অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ বিগত দিনত কংগ্ৰেছ নেতাই দিয়া মন্তব্যক উভতি ধৰি শ্বাহে কংগ্ৰেছ নেতাৰ মন্তব্যৰ কথা কব নোৱাৰি বুলি কয়৷ গোলাম নবী আজাদৰ মন্তব্যক লস্কৰ-তৈবাৰ সৈতে তুলনা কৰে শ্বাহে৷

ৰাহুল গান্ধীক আক্ৰমণ কৰি কংগ্ৰেছৰ লস্কৰ-ই-তৈবাৰ সৈতে কি সম্পৰ্ক আছে কওক বুলি কয় শ্বাহে৷ বিজেপিয়ে কেতিয়াও কাশ্মীৰক ভাৰতৰ পৰা আঁতৰি যাব নিদিয়ে৷ শ্যামা প্ৰসাদৰ তেজৰ বিনিময়ত হিন্দুস্থানৰ অংশ হৈছে কাশ্মীৰ৷

বিজেপিৰ পিতামহ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৬৫ বলিদান দিৱস উপলক্ষে আয়োজন কৰা সভাত অংশ লৈ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদানৰ বাবে ভাৰতৰ সৈতে আজি জম্মু-কাশ্মীৰৰ থকা বুলি কয়৷ ইয়াৰ পূৰ্বে ইয়ালৈ আহোতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আছিল৷ এতিয়া মিত্ৰজোঁট ভংগৰ পিছত ৰাজ্যপালৰ শাসন চলি আছে৷ ৰাজনৈতিক দলে চৰকাৰ ভংগ হলে নিৰাশ-হতাশ হয় কিন্তু বিজেপি এনে এটা দল যিটো দলে ভাৰত মাতাৰ জিন্দাবাদ ধ্বনি দিছে৷ ইয়ে ৰাষ্ট্ৰভক্তি দেখুৱাই৷

যি কাম ৭০ বছৰত হোৱা নাছিল সেই কাম মোডী চৰকাৰে কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ৰাজ্য চৰকাৰে উন্নয়নৰ কাম আগুৱাই নিনিলে৷ বিজেপিৰ বাবে চৰকাৰ নহয় বিকাশ আৰু সুৰক্ষাৰ উদ্দেশ্যে হে আগত৷ মেহবুবা মুফতিয়ে লাডাখৰ সৈতে ভেদভাৱ কৰিছে৷ আমি পশ্মীনাৰ বাবে ৪০ কোটি, পাপ্মোৰৰ বাবে ৪৫ কোটি টকা দিছে৷ পিডিপি আৰু এনচি চৰকাৰৰ তিনি সম্প্ৰদায়ে একো নকৰিলে৷ 

অমিত শ্বাহে আৰু কয় কাশ্মীৰক সমান বিকাশৰ লক্ষ্যৰ বিকাশ কৰিব নোৱাৰাৰ বাবেই বিজেপিয়ে চৰকাৰৰ পৰা আঁতৰি আহে৷ মোডী চৰাকৰে বহু প্ৰয়াস কৰিছে কিন্তু জম্মু আৰু লাডাসৰ সৈতে ভেদভাৱ  হৈ থাকিল৷ যাৰ বাবে আমি বিৰোধী হৈ থাকি বিৰোধ কৰি যাম৷