newsnextone.com | ডিজিটেল ডেস্কঃ কাশ্মীৰত বিজেপি আৰু পিডিপিৰ মিত্ৰ জোঁটৰ চৰকাৰ ভংগ কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক সাক্ষাৎ কৰা কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰে এআইএমআইএমৰ অধ্যক্ষ আছাদুদ্দিন ৱেছীয়ে৷ ৱেছীয়ে কয় ‘‘আমি জানিব বিচাৰো যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই কোনো দলৰ মুৰব্বীক সাক্ষাতৰ সময়ত কি কথা আলোচনা কৰে৷’’

মঙলবাৰে কাশ্মীৰ চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক সক্ষাৎ কৰাত এই প্ৰশ্ন উত্থাপন কৰে হায়দৰাবাদৰ সাংসদ ৱেছীয়ে৷ শাসনাধীষ্ট দলৰ মুৰব্বীক কিয় সাক্ষাৎ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷

উল্লেখ্য যে, ১৯ জুনত জম্মু কাশ্মীৰৰ ৰাজ্যপালক কাশ্মীৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি পত্ৰ প্ৰেৰণ কৰে বিজেপিয়ে৷ ফলত ৫ ঘণ্টাৰ ভিতৰত মেহবুবা মুফটি চৰকাৰৰ পতন ঘটে৷ 

বিজেপিৰ প্ৰৱক্তা ৰাম মাধৱে দিল্লীত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে৷ ২০১৫ চনৰ ১৯ জানুৱাৰীত গঠন কৰা বিজেপি আৰু পিডিপিৰ চৰকাৰৰ তিনি বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে বিজেপিয়ে পিডিপিৰ সংগ এৰে৷