newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি অধ্যক্ষ অমিত শ্বাহে বুধবাৰে সন্ধিয়া শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাতৰ পূৰ্বে শিৱসেনাই সহযোগী দল বিজেপিক উপেক্ষা কৰা পৰিলক্ষিত হৈছে৷ শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ত প্ৰকাশ পোৱা সম্পাদকীয় পৃষ্ঠাত ২০১৯ চনত দলে অকলেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে পুনৰ এবাৰ উল্লেখ কৰিছে৷
লেখাটোত মোডী চৰকাৰে ভোটাৰৰ ভৰষা হেৰুৱাইছে বুলিও দাবী কৰা হৈছে৷ যাৰ ফলত দলে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটনত গুৰুত্ব প্ৰদান কৰিবলৈ শিৱসেনাই বিজেপিক পৰামৰ্শ প্ৰদান কৰিছে৷ আনহাতে শিৱসেনাই অমিত শ্বাহৰ ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ বিষয়ক নীতিৰ ওপৰতো কটাক্ষ কৰে৷ বিজেপি অধ্যক্ষই এনডিএৰ পূৰ্বৰ সহযোগী টিডিপি অধ্যক্ষ চন্দ্ৰবাবু নাইডুৰ সৈতে সাক্ষাত কৰিবনে নাই বুলি প্ৰশ্ন কৰে শিৱসেনাই৷