anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ দহ ৰাজ্যত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ৪টা লোকসভা সমষ্টি আৰু ৬টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান৷ বিভিন্ন ঠাইত ইভিএম বিজুতি হোৱাৰ খবৰ আহিছে আৰু মহাৰাষ্ট্ৰত কেইবাটাও ভোট কেন্দ্ৰত ভোটগ্ৰহণ বন্ধ ৰাখিব লগা হয়৷ 

আনহাতে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই৷ নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হয় ভোটগ্ৰহণ৷ পশ্চিম বংগৰ মহেশতালা বিধানসভা সমষ্টিত ভোট কেন্দ্ৰত ইভিএম বিজুতি হোৱাৰ অভিযোগ উত্থাপন হয়৷ কংগ্ৰেছৰ পৰিষদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মহেশতলাত ৭০ শতাংশ ভোটদান কৰে ৰাইজে৷ 

উত্তৰ প্ৰদেশৰ কৈৰাণা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন বিৰোধী ৰাজনীতিৰ মিত্ৰজোঁটৰ বাবে পৰীক্ষা সদৃশ হৈ পৰিছে৷ এফালে বিজেপি আৰু আন ফালে বিৰোধীৰ একমাত্ৰ প্ৰাৰ্থী৷ অজিত সিঙৰ দলৰ প্ৰাৰ্থীক কংগ্ৰেছ, বিএছপি, এছপি সকলোৱে সমৰ্থন কৰে৷ ৰাষ্ট্ৰীয় লোকদলৰ প্ৰাৰ্থী তবচ্চুম হাচানে ইভিএম বিজুটি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ তবচ্চুমৰ বিৰুদ্ধে মৃগাংক সিঙক নিৰ্বাচনত থিয় কৰাইছে বিজেপিয়ে৷ সমষ্টিটোত পুৱাৰে পৰা ভোটদান অনুষ্ঠিত হয়৷ বিজেপিৰ সাংসদ হুকুম সিঙৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ কৈৰাণাত ৫০ শতাংশ ভোটদান হয়৷ ইয়াৰপূৰ্বে অনুষ্ঠিত হোৱা গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টি দখল কৰিছিল এছপি দলে৷ সোমবাৰে উত্তৰপ্ৰদেশৰ নুৰপুৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ নুৰপুৰতো ইভিএম বিজুতি হোৱাৰ অভিযোগ উত্থাপন হয়৷ 

মহাৰাষ্ট্ৰৰ পালঘৰ, ভাণ্ডাৰা-গোণ্ডিয়া আৰু নাগালেণ্ডৰ এটা লোকসভা সমষ্টিত ভোটদান অনুষ্ঠিত হয়৷ ভাণ্ডাৰা-গোণ্ডিয়াত ইভিএমৰ বিজুতি হোৱাৰ খবৰ আহিছে৷ মহাৰাষ্ট্ৰত ইভিএমৰ বিজুতিৰ বাবে ৩৫টা ভোটকেন্দ্ৰত ভোটদান বন্ধ ৰখা হয়৷ আনহাতে শিৱসেনাই বেলেটেৰে ভোটদান অনুষ্ঠিত কৰা উচিত বুলি কয়৷ বিজেপিৰ নানা পাটেলে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়াত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ নাগালেণ্ড লোকসভা সমষ্টিৰ সাংসদ নেফিউ ৰিঅ’ই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ ফেব্ৰুৱাৰী মাহত ৰিঅ’ই সাংসদ পদৰ পৰা পদত্যাগ কৰে৷ নাগালেণ্ড লোকসভা সমষ্টি পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়৷

কেৰালাৰ চেংগানুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন৷ বৰষুণৰ বাবে ভোটগ্ৰহণত সমস্যাই দেখা দিয়ে৷ পঞ্জাৱৰ শ্বাহকোট বিধানসভা সমষ্টি, বাংগালুৰুৰ আৰআৰ নগৰ বিধানসভা সমষ্টি, বিহাৰৰ জাকিহাট সমষ্টি আৰু মেঘালয়ৰ আমপতিত নিৰ্বাচন অনুষ্ঠিত হয়৷ বিহাৰৰ উপ-নিৰ্বাচন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে৷ নীতিশ কুমাৰে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰাৰ পিছতে লালুৰ দল আৰজেডিত যোগ দিয়ে চৰফৰাজ আলম৷ চৰফৰাজ আলম সাংসদ হিচাপে নিৰ্বাচিত হোৱাত ভাতৃ আৰজেডিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়৷ সকলো সমষ্টিতে বৃহস্পতিবাৰে ভোটগনণা অনুষ্ঠিত হ’ব৷