newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাত উৎপাদিত সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰিলে চীনে৷ শনিবাৰে চীন চৰকাৰে এক বিবৃতিযোগে ঘোষণা কৰে যে ৫০ বিলিয়ন মূল্যৰ আমেৰিকাত উৎপাদিত সামগ্ৰীত ২৫ শতাংশ অতিৰিক্ত শুল্ক লগোৱা হৈছে৷ 

ইয়াৰ পূৰ্বে আমেৰিকাই ৫০ বিলিয়ন মূল্যৰ চীনা সামগ্ৰীত ২৫ শতাংশ আয়াত শুল্ক বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল৷ ইয়াৰ পিছতেই যেন চীনে অৱলম্বন কৰিলে ‘যেন কুকুৰ, তেন টাঙোন’ নীতি৷ চীনেও আমেৰিকাত উৎপাদিত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধি কৰাত বিশ্বৰ দুখন মুখ্য অৰ্থব্যৱস্থাৰ ৰাষ্ট্ৰৰ মাজত বাণিজ্য যুদ্ধৰ আৰম্ভণি ঘটা বুলি চৰ্চা চলিছে৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বৌদ্ধিক সম্পদসমূহৰ চুৰি কাৰ্য আৰু অনৈতিক ব্যৱসায়িক গতিবিধি ৰোধৰ কাৰণে চীনৰ পৰা আমদানিকৃত ৫০ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰীত আয়াত শুল্ক লগোৱাৰ ঘোষণা কৰিছিল৷ আমেৰিকাৰ ঘোষণাৰ পিছতে চীনেও আমেৰিকা চৰকাৰক সতৰ্ক বাণী শুনাইছিল৷

চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান চিনহুৱাত প্ৰকাশিত বাতৰি মতে, চীন চৰকাৰে ৫০ বিলিয়ন ডলাৰ মূল্যৰ ৬৫৯ আমেৰিকান উৎপাদনত ২৫ শতাংশ অতিৰিক্ত শুল্ক লগোৱাৰ নিৰ্ণয় লয়৷ যিবোৰ সামগ্ৰীৰ ওপৰত চৰকাৰে অতিৰিক্ত শুল্ক লগাব, সেই সামগ্ৰীসমূহৰ তালিকাও প্ৰস্তুত কৰিছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে কয়৷

চীনৰ সীমা শুল্ক আয়োগে জাৰি কৰা এক মন্তব্যত কয় যে, ৩৪ বিলিয়ন ডলাৰৰ ৫৪৫ আমেৰিকান উৎপাদনৰ ওপৰত অহা ৬ জুলাইৰ পৰা অতিৰিক্ত শুল্ক লাগু হ’ব৷ এই সামগ্ৰী সমূহৰ ভিতৰত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী আৰু বাহন আদিও সংযুক্ত হৈ আছে৷

ইফালে, শুকুৰবাৰে আমেৰিকাই ঘোষণা কৰে যে ৬ জুলাইৰ পৰা ৩৪ বিলিয়ন ডলাৰ মূল্যৰ চীনা সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক লগোৱা হ’ব আৰু ১৬ বিলিয়ন ডলাৰ মূল্যৰ উৎপাদনৰ শুল্ক বৃদ্ধিৰ ক্ষেত্ৰত এতিয়াও আলোচনা চলি আছে৷

উল্লেখ্য যে, ট্ৰাম্পে চীনৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাৱনাৰে অতিৰিক্ত ১০০ বিলিয়ন ডলাৰৰ চীনা উৎপাদিত সামগ্ৰীৰ ওপৰতো শুল্ক লগোৱাৰ বিষয়ে চীনক সতৰ্ক কৰি দিছিল৷

চীনৰ এগৰাকী চৰকাৰী বিষয়াই এই সন্দৰ্ভত কয় যে আমেৰিকাই যদি চীনা সামগ্ৰীত শুল্ক বৃদ্ধি কৰে, তেন্তে চীনেও তাৰ প্ৰত্যুত্তৰ দিবলৈ সাঁজু আছে৷