newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাত উৎপাদিত সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰিলে চীনে৷ শনিবাৰে চীন চৰকাৰে এক বিবৃতিযোগে ঘোষণা কৰে যে ৫০ বিলিয়ন মূল্যৰ আমেৰিকাত উৎপাদিত সামগ্ৰীত ২৫ শতাংশ অতিৰিক্ত শুল্ক লগোৱা হৈছে৷
ইয়াৰ পূৰ্বে আমেৰিকাই ৫০ বিলিয়ন মূল্যৰ চীনা সামগ্ৰীত ২৫ শতাংশ আয়াত শুল্ক বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল৷ ইয়াৰ পিছতেই যেন চীনে অৱলম্বন কৰিলে ‘যেন কুকুৰ, তেন টাঙোন’ নীতি৷ চীনেও আমেৰিকাত উৎপাদিত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধি কৰাত বিশ্বৰ দুখন মুখ্য অৰ্থব্যৱস্থাৰ ৰাষ্ট্ৰৰ মাজত বাণিজ্য যুদ্ধৰ আৰম্ভণি ঘটা বুলি চৰ্চা চলিছে৷