ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ বাবে কেৱল আলি জিন্নাই দায়ী নহয়৷ এই মন্তব্য কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেঞ্চৰ বিতৰ্কিত নেতা ফাৰুক আব্দুলাই৷

ভাৰত-পাকিস্তান দ্বিখণ্ডিত হোৱাৰ বিষয়টোত মহম্মদ আলি জিন্নাকে কেৱল দোষাৰোপ কৰিব নিবিচাৰে আব্দুলাই৷ জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল আৰু মৌলানা আবুল কালাম আজাদৰ বাবেহে ভাৰতৰ পৰা ফালৰি কাটি সুকীয়া ৰাষ্ট্ৰ হিচাপে পাকিস্তান গঠন হৈছিল বুলি ফাৰুক আব্দুলাই মন্তব্য কৰিছে৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ফাৰুক আব্দুলাই লগতে কয়, জিন্নাই মুছলমানৰ বাবে সুকীয়া দেশ বিচৰা নাছিল৷ মহম্মদ আলি জিন্নাই কেৱল আয়োগ গঠন কৰাৰ পক্ষতহে থিয় দিছিল, য’ত মুছলিম, শিখ আৰু অন্যান্য পিছপৰা লোকসকলক বিশেষ অধিকাৰ প্ৰদান কৰাৰ কথা কোৱা হৈছিল৷

কিন্তু ভাৰতীয় নেতা জৱাহৰলাল নেহৰু, মৌলানা আজাদ আৰু চৰ্দাৰ পেটেলে আয়োগৰ চৰ্ত মানি লোৱা নাছিল৷ জম্মু কাশ্মীৰৰ চেম্বাৰ অফ কমাৰ্ছৰ দ্বাৰা অনুষ্ঠিত এক অনুষ্ঠানত আব্দুলাই কয়, আয়োগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে হিন্দুস্তানক বিভক্ত নকৰি মুছলমানৰ বাবে সুকীয়া নেতৃত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷

এই সিদ্ধান্তত জিন্না ৰাজি হৈছিল যদিও নেহৰু, পেটেল আৰু মৌলানা আজাদে বিষয়টো মানি ল’ব পৰা নাছিল৷ যাৰ বাবে জিন্নাই সুকীয়া পাকিস্তান গঠনৰ দাবী জনাইছিল৷ নেচনেল কনফাৰেঞ্চৰ জেষ্ঠ নেতা ফাৰুক আব্দুলাই লগতে কয়, যদি এই তিনিগৰাকী দিকগজ নেতাই ভুল নকৰা হ’লে পাকিস্তান আৰু বাংলাদেশ দৰে সুকীয়া ৰাষ্ট্ৰ গঠন হ’বলৈ নাপালেহেঁতেন৷ এই তিনিগৰাকী নেতাই একেখন দেশৰে অবিচ্ছেদ্য অংগ হৈ থাকিল বুলি আব্দুলাই মন্তব্য কৰে৷