newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ পৰমাণু অস্ত্ৰৰ শক্তিশালী দেশসমূহে যেতিয়া পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কম কৰাৰ চেষ্টা কৰিছে, সেই সময়ত পাকিস্তানক অন্যৰূপত হে দেখিবলৈ পোৱা গৈছে৷ পাকিস্তানে দেশৰ বাজেটৰ অধিকাংশ ধন খৰছ কৰিছে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰাত৷ সম্প্ৰতি এটি আন্তৰ্জাতিক সংস্থাৰ ৰিপৰ্টৰ পিছতে এই কথা পোহৰলৈ আহিছে৷
ষ্ট’কহোম ইন্টাৰনেশ্বনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট, চমুকৈ চিপ্ৰিয়ে প্ৰকাশ কৰা এটি ৰিপোৰ্টত এই তথ্য প্ৰকাশ পায়৷ ৰিপৰ্টৰ দ্বাৰা কোৱা হৈছে যে পাকিস্তানে বিশ্ব ধ্বংসকাৰী পৰমাণু শক্তিৰ অস্ত্ৰ ভাণ্ডাৰসীমিত কৰাৰ বিপৰীতে নতুনকৈ পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নতুন ট্ৰেণ্ড আৰম্ভ কৰাটো সমগ্ৰ বিশ্বৰ বাবেই উদ্বেগজনক বিষয় হৈ পৰিছে৷
চিপ্ৰিয়ে ৰিপৰ্টৰ দ্বাৰা সমগ্ৰ বিশ্ব সকিয়নী প্ৰদান কৰি কয়, ‘প্ৰকৃত অৰ্থত পৰমাণু অস্ত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত বিৰত থকিলেই নহয়, পুৰণা অস্ত্ৰভাণ্ডাৰ ব্যৱহাৰৰ পৰাও বিৰত থাকিব লাগিব৷ সকলো পৰমাণু শক্তিশালী দেশেই এয়া নিশ্চিত কৰিব লাগিব যাতে তেওঁলোকৰ বাবে বিশ্ব ধ্বংস নহয়৷’
চিপ্ৰিৰ অধ্যক্ষ জ্যেন এলিয়াচনে কয়, আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স, ভাৰত, চীন, পাকিস্তান, ইজৰাইল তথা উত্তৰ কোৰিয়া মিলি চলিত বৰ্ষত ১৪,৪৬৫ টা নিউক্লিয়াৰ ওৱাৰহেড আছে৷ আনহাতে, যোৱা বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১৪,৯৩৫৷ বিগত বৰ্ষৰ তুলনাত এইবৰ্ষত নিউক্লিয়াৰ ওৱাৰহেড কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সেয়াই যথেষ্ট নহয়৷
উল্লেখ্য যে, এই সমস্ত পৰিমাণৰ ওৱাৰহেডৰ ৯২ শতাংশৰে অধিকাৰী হৈছে আমেৰিকা আৰু ৰাছিয়া৷ কিন্তু ২০১০ চনত দুয়োখন দেশে START ট্রিটি স্বাক্ষৰ কৰাৰ পিছতে এই পৰিমাণ কিছু পৰিমাণে হ্ৰাস পায়৷
সংখ্যাৰ বিচাৰত আমেৰিকা আৰু ৰাছিয়াৰ পিছতে ব্ৰিটেইনৰ ওচৰত ২১৫ টা, ফ্ৰান্সৰ ওচৰত ৩০০, চীনৰ ওচৰত ২৮০, ভাৰতৰ ওচৰত ১৩০-১৪০, পাকিস্তানৰ ওচৰত ১৪০-১৫০টা, ইজৰাইলৰ ওচৰত ৮০ টা আৰু উত্তৰ কোৰিয়াৰ ওচৰত ১০-২০ টা পৰমাণু ওৱাৰহেড আছে৷ উল্লেখ্য যে, এই পৰমাণু শক্তি প্ৰয়োগৰে যি কোনো দেশে এখন দেশ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে৷