ডিজিটেল ডেক্সঃ ২০১৭ বৰ্ষৰ জুন মাহৰ পৰা আৰম্ভ হোৱা ৭৩ দিনীয়া ডকলাম বিবাদ কূটনৈতিকভাৱে শাম কাটিলেও চীন আৰু ভাৰতৰ মাজৰ সীমান্তকলৈ উত্তেজনা অব্যহত আছে। ভাৰতত চীনৰ বৃহৎ বজাৰ থকাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে কিছু সংযত হৈ থাকে যদিও সীমান্তৰ সিপাৰে সামৰিক কাৰ্য-কলাপে ভাৰতক উদ্বিগ্ন কৰি আহিছে। 

শেহতীয়াকৈ চীনে তিবতৰ দুৰ্গম পাহাৰীয়া অঞ্চলত আগ্ৰাসী মনোভাব পোষণ কৰাত ভাৰতেও অৰুণাচল প্ৰদেশৰ সীমান্তত সমৰসজ্জা গঢ়ি তুলিছে। পূব প্ৰান্তৰ ৰাজ্যখনৰ দিবাং, দাও-দেলাই আৰু লোহিত উপত্যকাত চীনক প্ৰতিহত কৰিবৰ বাবে সাজু হৈ আছে ভাৰতীয় সেনা।

ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত তথা তিব্বতৰ গাতে লাগি থকা কিবিথু গাঁৱত কৰ্মৰত এজন সেনা বিষয়াই কয় যে ডকলাম বিবাদৰ পাছত ভাৰতীয় সেনাই ইয়াৰ সক্ৰিয়তা কেইবাগুণো বৃদ্ধি কৰি ৰঙা চীনক ৰোধিবলৈ কৌশলগত ব্যৱস্থা গ্ৰহণ কৰিছে। 

ডকলাম বিবাদৰ পাছত চীনে তিব্বতৰ দুৰ্গম অঞ্চলত যুঁজাৰু বিমানৰ সংখ্যা বৃদ্ধিৰ লগতে টেংকাৰৰ সংখ্যাও বঢ়াইছে। ভাৰতেও দেশখনৰ আগ্ৰাসনক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ চিৰ জাগ্ৰত হৈ আছে। এই উদেশ্যে অৰুণাচলৰ সীমান্তত হেলিকপ্টাৰকে ধৰি অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰিছে। বাট-পথ নথকা সীমান্তত আকাশমাৰ্গেৰে পহৰাৰ ব্যৱস্থা কৰিছে ভাৰতীয় সেনাই। 

মন কৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ সীমান্তত আন্তঃগাঁথনি ইমানেই শোচনীয় যে ভাৰত-চীনৰ মাজত থকা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত খোজ কাঢ়ি গৈ উপস্থিত হ’বলৈ ১৫ৰ পৰা ৩০ দিন পৰ্যন্ত সময় লাগে। ১৭,০০০ তকৈ অধিক উচ্চতাত অৱস্থিত এনে অঞ্চলসমূহত চীনা সেনাৰ গতি-বিধি লক্ষ্য কৰিবলৈ নিয়মীয়াকৈ লং ৰেঞ্জ পেট্ৰলিং কৰি থকা হৈছে।

ভাৰত, ম্যানমাৰ আৰু চীনৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ত্ৰি-সংযোগস্থলীতো ভাৰতীয় সেনাই তীক্ষ্ন দৃষ্টি ৰাখিছে। এনে সংযোগ স্থানসমূহ অতি স্পৰ্শকাতৰ হয়। ভাৰত, চীন আৰু ভূটান সীমান্তৰ ডকলামো এনে এক ত্ৰি-সংযোগস্থলী।

ভাৰতৰ সৈতে থকা ৪,০০০ কিলোমিটাৰ সীমান্তত চীনে পথ নিৰ্মাণ কৰি আন্তঃগাঁথনিৰ উন্নয়ন কৰি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰেও সীমান্তত উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে৷