ডিজিটেল ডেক্সঃ যোৱা ২৯ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা জিএছএটি-৬এ কমিউনিকেশ্বন উপগ্ৰহটোত যান্ত্ৰিক বিজুতিয়ে দেখা দিছে। ২৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২,০৬৬ টন ওজনৰ উপগ্ৰহটোৰ কোনো আপডেট ইছৰোই প্ৰকাশ কৰা নাই।

উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ লোৱাৰ সময়তে ৩০ মাৰ্চৰ পুৱা ৯.২২ বজাত অন্তিমটো আপডেট আহিছিল। এক সূত্ৰত প্ৰকাশ যে দ্বিতীয়টো অৰ্বিট ৰেইজিঙলৈকে সকলো থিক আছিল যদিও ইয়াৰ পাছতে বিজুতিয়ে দেখা দিয়ে। 

এটা উপগ্ৰহ কক্ষপথত স্থাপনৰ বাবে এটা থ্ৰাচেই প্ৰয়োগ কৰা হয়। এই জটিলতা নোহোৱা কৰিবলৈ ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলে দিন-ৰাতি কাম কৰি আছে। উপগ্ৰহটোৰ পাৱাৰ ছিষ্টেমত দেখা দিয়া সমস্যা ইয়াৰ ঘাই কাৰণ বুলি প্ৰকাশ কৰিছে ইছৰোৰ বিজ্ঞানীসকলে।

জিএছএটি-৬-এ উপগ্ৰহত বৃহৎ এন্টেনা সংযোগ কৰা হৈছিল আৰু ইয়াৰ সহায়ত দেশৰ যি কোনো অঞ্চলত থকা মানুহক মোবাইলৰ দৰে সৰু ডিভাইচলৈ সংকেত আদান-প্ৰদান কৰিব পৰা হ’লহেঁতেন। দুয়ো দিশৰ পৰা তথ্য, ভইচ বা ভিডিঅ’ আদান-প্ৰদানেৰে যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে এই উপগ্ৰহটো নিক্ষেপ কৰা হৈছিল।