newsnextone.com | ডিজিটেল ডেস্কঃ দ্ৰুতভাৱে উন্নয়ন ঘটিছে ভাৰতীয় অৰ্থব্যৱস্থাৰ৷ যাৰ ফলত দেশৰ পৰা দৰিদ্ৰতাও দ্ৰুতভাৱে নিৰ্মূল হ’বলৈ ধৰিছে৷ প্ৰতি মিনিটত ৪৪ গৰাকী ভাৰতীয় লোকে দৰিদ্ৰতাৰ পৰা নিষ্ঠাৰ পাবলৈ সক্ষম হৈ আছে৷ যাৰ বাবে ক্ষীপ্ৰতাৰে দৰিদ্ৰতা উপশম কৰিবলৈ সক্ষম হোৱা দেশ সমূহৰ ভিতৰত ভাৰতো অন্তৰ্ভূ্ক্ত হৈছে৷ 

আনহাতে, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ দৰিদ্ৰ জনতাৰ দেশ হিচাপেও পৰিচিত নহয়৷ ২০১৮ চনৰ মে’ মাহৰ পৰা নাইজেৰিয়াই ভাৰতৰ স্থান দখল কৰিছে৷

এই তথ্য প্ৰকাশ কৰিছে আন্তৰ্জাতিক ব্ৰুকিংছ ব্লগছে৷ ব্ৰুকিংছ ব্লগছৰ সমীক্ষা অনুযায়ী যদি বৰ্তমান সময়ৰ দৰেই ভাৰতে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হৈ থাকে তেন্তে এই বৰ্ষৰ শেষৰ ফালে বিশ্বৰ দৰিদ্ৰ দেশ সমূহৰ তালিকাত ভাৰতৰ নাম প্ৰথমৰ পৰা তৃতীয় স্থানলৈ উন্নীত হ’ব৷ 

আনহাতে, ২০২২ চনলৈ ভাৰতত মাত্ৰ ৩ শতাংশ দৰিদ্ৰ লোক থাকিব আৰু ২০৩০ চনলৈ ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে দৰিদ্ৰ মুক্ত দেশ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সংস্থাটোৱে প্ৰকাশ কৰে৷

ইফালে, ব্ৰুকিংছ ব্লগছৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ২০১৮ চনৰ মে’ মাহত নাইজেৰিয়াত ৮.৭ কোটি লোকে অতি দৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰি আছে৷ তাৰ বিপৰীতে ভাৰতত মে’ মাহলৈ দৰিদ্ৰ লোকৰ সংখ্যা হৈছে ৭.৩ কোটি৷

উল্লেখ্য যে, নাইজেৰিয়াত প্ৰতি মিনিটতত মাত্ৰ ৬ জন লোকে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হৈছে৷ সেই হিচাপত নাইৰেজিয়াৰ অৰ্থ ৱ্যৱস্থা তথৈবচ বুলি অনুমান কৰিব পাৰি৷ 

ইফালে, বিশ্বৰ ১৮ খন দেশত দৰিদ্ৰতা বৃদ্ধি হৈ আছে৷ ইয়াৰ ভিতৰত আফ্ৰিকাৰ ১৪ দেশেই দৰিদ্ৰতাৰ কবলত গ্ৰাস হৈছে৷ আনফালে, বিশ্ব বেংকৰ তথ্য অনুযায়ী ২০০৪ চনৰ পৰা ২০১১ চনলৈ ভাৰতত দৰিদ্ৰ লোক সংখ্যা ৩৮.৯ শতাংশৰ পৰা ২১.২ শতাংশলৈ হ্ৰাস পাইছে৷