newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰত্যাশামতে ভাৰত বনাম ইংলেণ্ড টেষ্ট চিৰিজৰ পঞ্চম দিনা ইংলেণ্ডক অল আউট কৰি তৃতীয়খন টেষ্টত বিজয় সাব্যস্ত কৰিলে কোহলী বাহিনীয়ে। ভাৰতীয় বলাৰৰ বিধ্বংসী বলিং প্ৰদৰ্শনেৰে মাত্ৰ ৩১৭ ৰাণতে দলটোৱে ইংলেণ্ডৰ গতি ৰুদ্ধ কৰি ২০৩ ৰাণৰ ব্যৱধানত বৃহত্ জয় লাভ কৰে। তৃতীয় টেষ্টত ভাৰতৰ জয়ৰ পিছত ভাৰত ইংলেণ্ডতকৈ ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে।

মঙলবাৰে ইংলেণ্ড দলটোৱে অন্তিমটো উইকেটত খেল সামৰণি মৰাৰ পিছত বুধবাৰে পুনৰ জেমছ এণ্ডাৰছন আৰু আদিল ৰছিদে খেল আৰম্ভ কৰে। কিন্তু মাত্ৰ ১৭ টা বল খেলাৰ পিছতে ৰবিচন্দ্ৰন আশ্বিনৰ এটি বলত ৰাহানেৰ হাতত আণ্ডাৰছনে এটা কেছ তুলি দি পেভিলিয়নলৈ উভটি যাব লগা হয়।

প্ৰথমখন টেষ্টত ব্যৰ্থ হোৱাৰ পিছত টেন্টব্ৰিজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টত ভাৰতীয় দলটোক শক্তিশালী আৰু আত্মবিশ্বাসী ৰূপত দেখা পোৱা যায়। এই টেষ্ট মেছ খনত বিৰাট কোহলীৰ বাহিৰেও শিখৰ ধাৱান, চেতেশ্বৰ পুজাৰা আৰু আজিংক্য ৰাহাণেয়ে নিজৰ ফৰ্ম ঘুৰাই পোৱা পৰিলক্ষিত হয়। আনহাতে, অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াইও খেলখনত দৃষ্টিনন্দন প্ৰদৰ্শন আগবঢ়াই সকলোকে মোহিত কৰিবলৈ সক্ষম হয়।

ইংলেণ্ড বনাম ভাৰতৰ তৃতীয়খন মেছত দূৰন্ত শতৰাণ কৰি পুনৰ এবাৰ অধিনায়ক বিৰাট কোহলীয়ে মেন অৱ দ্য মেছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে, বেটছমেনৰ সমান্তৰালকৈ ভাৰতীয় বলাৰেও দূৰ্দান্ত প্ৰদৰ্শন দেখুৱাই ভাৰতীয় দলটোৰ আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হয়। যশপ্ৰীত বুমৰাই খেলখনত ৫ টা উইকেট দখল কৰাৰ লগতে হাৰ্ডিক পাণ্ডিয়াই বেটিঙত অৰ্ধ শতৰাণ কৰাৰ উপৰিও বলিঙতো সুন্দৰ প্ৰদৰ্শন দেখুৱায়।

উল্লেখ্য যে, বৃটিছ বাহিনী আৰু ভাৰতৰ মাজৰ চতুৰ্থখন টেষ্ট মেছ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হব। ইয়াৰ পূৰ্বে ভাৰতে তৃতীয়খন মেছত ২০৩ ৰাণৰ ব্যৱধানত লাভ কৰা বৃহত্ জয়লাভে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।