ডিজিটেল ডেস্কঃ শনিবাৰে নিশা মধ্যপ্ৰদেশৰ ইন্দোৰত এটি চাৰিমহলীয়া হোটেলৰ আট্টালিকা খহি পৰাৰ ফলত ১০গৰাকী লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, সদা ব্যস্ত এটি বাছ আস্থানত খহি পৰে আট্টালিকাটো৷ 

বহু পুৰণি আট্টালিকাটো বাণিজ্যিক চহৰ খনৰ অতি ব্যস্ত এলেকাত আছিল৷ নিশা প্ৰায় ৯ বাজি ২০ মিনিটত খহি পৰাৰ লগে লগে তীব্ৰ আতংকই বিৰাজ কৰে অঞ্চলটোত৷ 

প্ৰথম অৱস্থাত মানুহে কি হৈছিল ধৰিবই পৰা নাছিল৷ বহু পলমকৈ প্ৰকৃত কথাটো গম পাইছিল৷ এই ঘটনাৰ খবৰ পোৱাৰ প্ৰায় ৩০ মিনিট পাছতেই প্ৰশাসনৰ লোক আহি উদ্ধাৰ অভিযান চলাই যদিও বৰ্তমানেও মৃতদেহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে৷ 

ইতিমধ্যে ১০ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ নিশা এন্ধাৰতো প্ৰশাসনে উদ্ধাৰ অভিযান চলাই৷ যথেষ্ট পুৰণি বাবেই এখন গড়ীয়ে খুন্দা মৰাৰ ফলতেই খহি পৰা বুলি সন্দেহ কৰা হৈছে আট্টালিকাটো৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাত দুখ প্ৰকাশ কৰি নিহতৰ পৰিয়ালক ২ লাখ আৰু আহতৰ পৰিয়ালক ৫০ হাজাৰকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷