anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছে বিজেপি চৰকাৰৰ ওপৰত সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ ৰাজনৈতিক লাভ উঠোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ কংগ্ৰেছে কৈছে যে সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইক দেশবাসীৰ বাবে গৌৰৱ, কিন্তু বিজেপিয়ে ইয়াক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে৷

কংগ্ৰেছে কয়, ২০১৭ চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সময়তো বিজেপিয়ে চেপ্তেম্বৰত হোৱা সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ লাভ উঠাইছিল৷ বিজেপিয়ে পুনৰ এবাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে নিৰ্বাচনী ৰণত অৱৰ্তীৰ্ণ হ’বলৈ চেষ্টা চলাইছে বুলি কংগ্ৰেছ প্ৰবক্তা ৰণদ্বীপ সুৰজেৱালাই এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰে৷

সুৰজেৱালাই কয় যে, মোডীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ নামত ভোট লাভৰ আশাত ‘জয় জোৱান, জয় কিষাণ’ শ্ল’গান দি ফুৰিছে৷ কংগ্ৰেছ প্ৰৱক্তাগৰাকীয়ে কেন্দ্ৰীয় মোডী চৰকাৰক আক্ৰমণ কৰি কয় যে, চৰকাৰে সেনাৰ বাজেট হ্ৰাস কৰিছে৷ সেনাৰ সৈতে মাহীমাকৰ পুতেকৰ দৰে ব্যৱহাৰ কৰা হৈছে আৰু এতিয়া চাৰ্জিকেল ষ্ট্ৰাইকৰ ৰাজনীতিকৰণ কৰা হৈছে৷ 

তেওঁ পুনৰ কয়, দুটা দশকত সময়ে সময়ে চাৰ্জিকেল ষ্ট্ৰাইক হৈছে কিন্তু মোডী চৰকাৰৰ কালত সেনাৰ ৭০ বছৰীয়া বলিদানৰ অপমান কৰা হৈছে৷ মোডীৰ শাসন কালত ১৬০০তকৈও অধিক বাৰ যুদ্ধ বিৰতি নীতি উলংঘন কৰা হৈছে৷

সুৰজেৱালাই অভিযোগ উত্থাপন কৰি কয়, ‘যেতিয়াই মোডী চৰকাৰ বিফল হৈ পৰে, অমিত শ্বাহৰ বিজেপিয়ে যেতিয়া সন্মুখত পৰাজয় দেখে, তেতিয়াই তেওঁলোকে শাসন লাভৰ বাবে সেনা শক্তিৰ অপপ্ৰয়োগ কৰে৷’

তেওঁ সেনা শক্তিৰ অপপ্ৰয়োগ কৰাটো সমীচিন নহয় বুলি মন্তব্য কৰে৷ সেনাই দেশ ৰক্ষাৰ বাবে নিজৰ কথা নাভাৱে৷ তেনে সেনাৰ অফুৰন্ত শক্তি ভোালৰ বাবে ব্যৱহাৰ কৰিব লাগে, ৰাজনৈতিক স্বাৰ্থত সেনাক ব্যৱহাৰ কৰিব নালাগে বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰৱক্তা সুৰজেৱালাই৷